প্ৰেমৰ স্বাধীনতা থাকেনে?
– পুলিন ডেকা
সেই বিননিবোৰেই জানো তোমাৰ ওঁঠৰ সুৰ
শাওণৰ বুকুৰ শিলছটালৈ সোমাই আহিছে।
খেতিয়কৰ সেউজ বাট
খেতিয়কবোৰ হেনো পথাৰৰ শিল্পী
সাতামপুৰুষীয়া ছন্দৰ
এপাহি সৌৰভ
হাঁহিবোৰ সাগৰীয়া সোঁতৰ দৰে অম্লান
জীৰ্ণ পাহাৰীয়া বাটটোৰ
গুজৰি গুমৰি উঠা শীতল এপৃষ্ঠা
কেনেকৈ দুৱাৰ খোলো তেজে কাটি নিয়া
নিশাটোৰ পদলেহনত
এন্ধাৰত মঙহ পচিছে
উৱলি গৈছে জোনাকৰ মৃন্ময় মূৰ্তি
প্ৰেমৰ স্বাধীনতা থাকেনে?
ৰিমজিম বৰষুণ পৰাৰ দিনা পথাৰখনে
সোধা এক প্রশ্ন!
কত অন্বেষণৰ পোৰা পিঠিত ৰৈ যায়
প্ৰেমিকাৰ নখৰ আঁচোৰ
ঘড়ীৰ কেইটামান টিকটিক শব্দ
চকুত হেৰাইছে খেতিয়কৰ ছাঁ
এটা দুপৰীয়াৰ নিৰস বার্তালাপ
তথাপি জীয়া শৰীৰৰ ঘৰ্মাক্ত উশাহত
পাতবোৰে গাব নিবিচাৰে মাটিৰ গান;
ক’তনো লুকাই ৰাখিছ পথাৰৰ গোন্ধ
জীৱন ভয়ত বাঢ়ি অহা গল্পগুচ্ছ।