” প্ৰেমৰ মালাধাৰি “- হিমাদ্ৰী বৰকটকী

” প্ৰেমৰ মালাধাৰি “

কুঁৱলী ফালি ওলাই আহিছে বেলিটি
হেঙুলী ৰহনে মোক কৰিছে আমনি
হৃদয়ৰ মনিকোঠাত তোমাৰেই ছবিটি
সযতনে ৰাখিছোঁ তোমাৰেই স্মৃতি
সময়ৰ সোঁতত নাজাবা উটি ভাহি
পাৰিলে ৰাখিবা আমাৰ প্ৰেমৰ চানেকি
জংকী পানৈৰ দৰে অমৰ কাহিনী
চিৰযুগমীয়া হৈ উঠক আমাৰ
এই প্ৰেমৰ মালাধাৰি….

হিমাদ্ৰী বৰকটকী