প্ৰেমৰ জোৱাৰ  উঠিছে – চুমিয়া আকতাৰা

PC - Voices of Youth
প্ৰেমৰ জোৱাৰ  উঠিছে 
চুমিয়া আকতাৰা, উদমাৰী, নগাঁও
সৌৱা চোৱা বকুল ফুলে
প্ৰেমৰ মালা গাঁঠি আছে
গাইছে নৈয়ে কুলু কুলু গান
মুকলি আকাশত চৰাই উৰিছে
তোমাৰ দৰে সাজি কাচি
প্ৰকৃতিও ৰূপ সলাইছে
তাকে দেখি মোৰ হৃদয়ত
প্ৰেমৰ জোৱাৰ উঠিছে
জোনাকী পৰুৱাই মোৰ কাণে কাণে
তোমাৰেই কথা পাতে
মাজনিশা মোৰ ঘুমটি ভাঙে
তোমাৰ অমৃত বৰষা এষাৰি মাতে
লাজুক লাজুক চাৱনিৰে
বুজালা মৰমৰ ভাষা
তোমাৰ চমকত হিয়া বিয়াকুল
তুমিয়েই মোৰ আশা
তোমাৰ লাহী দেহৰ ভাজে
মোক বলিয়া কৰিলে
কিদৰে বুজাও তোমাক
হৃদয়ত প্ৰেমৰ জুই জ্বলে
তোমাৰ লাৱনি সুৰে
মোৰ প্ৰাণ শীতল কৰে
তোমাৰ মিচিকিয়া হাঁহিত
ন ন ফুল ফুলে
তোমাৰ চকু দুটি
যেন মুকুতা মণি
তোমাৰ লাৱণ্য বৰণে
দি যায় ৰহণ সানি
তোমাৰ মৰমত মুগ্ধ হৃদয়
নোৱাৰোঁ ফুটাই ক’ব
ফুলৰ পাহিটিক কৈছো মনে মনে
তোমাক বুজাই ক’ব