প্ৰেমৰ গীত
মই নাজানো গাব
হৃদয় কাপোৱা গান,
নাজানো সুৰৰ মালাৰে
গাঁঠিব হৃদয়ত স্থান।
নাপাবা কথাত মধুৰ লয়ণ
মোৰ কথাও বুজিবলৈ টান।
নাজনিব পাৰো তোলপাৰ লগোৱা
কবিতাৰ শব্দৰ মায়া,
মোক জোৰ নকৰিবা
মোৰ কথাও যেন তেনেই তুচ্ছ
কবিতাই মোৰ মনৰ নীৰৱতা।
কিন্তু,
তথাপিও পৃথক আজি,,
হেঁপাহ বালিছে হৃদয়ত আজি
যেন উৰি যাম পাখি মেলি,
সৌ,, দূৰৈৰ পাহাৰৰ দাঁতিত
লগত লৈও যাম তোমাক হাতত ধৰি।
ৰচি যাম নানা গীত,
ৰচি যাম মনৰ নিত,
শুনিবা তুমি কাষতে বহি
থবা কান্ধৰ দাঁতিতে মূৰ পাতি,
মই দিম তোমাক মৰম সিঁচি
উজাৰি অহা হৃদয়ৰ বাতৰি।
উৰি যাম আমি দুয়ো
নীৰৱতাৰ গানত লিপ্ত হৈ,
উৰুৱাম আমি হেঁপাহৰ বাতৰি
আৰু কবা,,
মোৰ যে নীৰৱ গানো
তোমাৰ এতিয়া মনৰ সঙ্গী।।।
নিলোৎপল