প্ৰেমৰ অনুভূতি – এছ ইছলাম

PC - JSTOR Daily
প্ৰেমৰ অনুভূতি
এছ ইছলাম, বৰপেটা
টিপ্ টিপ্ বৰষুণ পৰে
গা ৰিম্ ঝিম্ ৰিম্ ঝিম্ কৰে
এজাক বৰষুণ দিলেই চাগে
মোৰ প্ৰেমৰ অনুভূতি জাগে ।
প্ৰেমৰ অনুভূতি অবিহনে
জীৱন যৌৱন যায় বিফলে
প্ৰেম বিহিন এই বিশ্ব জগত
ধ্বংস হৈ যায় সমূলে।
চকু মেলি চোৱাচোন
আমাৰ জীৱ জগতখন
প্ৰেমৰ অনুভূতিত হোৱা দেখোন
ইভ্ আৰু আদামৰ প্ৰেমৰ ফলন।
ইফালে চৰাই-চিৰিকতি
চোৱা যোৰ যোৰ গতি
ইয়ে নহয় জানো প্ৰেমানুভূতি
জীৱ-জন্তু আদি নহয় ব্যতিক্ৰম হাতী।
সৌৰ জগতখনলৈ চোৱা
জ্যোতিষ্কবোৰৰ গতিয়ে লোৱা
চন্দ্ৰ-সূৰ্য্য গ্ৰহ-নক্ষত্ৰ আদি
মহাকৰ্ষণৰ বাবে হোৱা ।
মানুহৰ সৃষ্টি এই জগতত
পিতৃ-মাতৃৰ প্ৰেমানুভূতিত
আহি পালোঁ ধৰাৰ বুকুত
পৰেনে আপোনাৰ মনত?