প্ৰেমানুভূতিৰ তৰংগ- এহিয়া আহমেদ

প্ৰেমানুভূতিৰ তৰংগ

 এহিয়া আহমেদ
বৰথল কছাৰী গাঁও, মৈৰাবাৰী

বসন্ত আহিলে আহিবা প্ৰিয়া
ৰঙীন জীৱনৰ ৰংবোৰ আকোঁৱালি,
আবেগৰ গুণগুণনি উৰি আহিব।

কুমাৰী অংগলতাৰ কোমল স্পৰ্শত
কল্পনাৰ ছবিবোৰ উপঙি ভাঁহি ফুৰি
মোৰ চোতালখন ৰঙেৰে ভৰি পৰিব।

বতাহত কপি থকা
কস্তুৰীৰ গোন্ধ বিলাই
অনুভূতিৰ সিঁচৰিত ক্ষণবোৰত
কৃষ্ণচূড়াৰ ৰঙা ফুলবোৰ ফুলিব।

চকুৱে চকুৰ ভাষাবোৰ পঢ়ি
ওঁঠৰ কোমল স্পৰ্শৰ
গভীৰ কথাবোৰ লুকুৱাই ৰাখি
হদয়ে প্ৰেমৰ ছবিবোৰ আঁকিব।।

সৰিয়হ ফুলৰ হালধীয়া ঠাৰীৰে সজাই
কোমাৰী কোণৰ দুবাহুৰ আকুলতাই
মোৰ জীৱনৰ ৰংবোৰ সলাব।।