প্ৰেছ ক্লাবত হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা প্ৰদান, গ্ৰন্থ উন্মোচনী অনুষ্ঠান

প্ৰেছ ক্লাবত হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা প্ৰদান, গ্ৰন্থ উন্মোচনী অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘শিশু সাহিত্যিকসকলে লেখাৰ মাজত অসমীয়া থলুৱা শব্দ প্ৰয়োগত অধিক গুৰুত্ব দিয়া উচিত৷ তেতিয়া নতুন প্ৰজন্মই আমাৰ থলুৱা শব্দবোৰৰ সৈতে চিনাকি হ’ব৷’– বিশিষ্ট শিশু সাহিত্যিক প্ৰভাত গোস্বামীয়ে আজি গুৱাহাটী প্ৰেছ ক্লাবত ‘হিয়াৰ ৰামধেনু’ৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ এইদৰে কয়৷ তেওঁ কয় যে শিশু সাহিত্য ৰচনা কৰাটো যথেষ্ট কঠিন আৰু এই ক্ষেত্ৰত লেখকসকল অতি সাৱধান হোৱা উচিত৷ লেখাৰ মাজত পৰাপক্ষত ইংৰাজীৰ প্ৰয়োগ কৰাটো উচিত নহয় বুলিও তেওঁ কয়৷ শিশু আলোচনী ‘হিয়াৰ ৰামধেনু’ৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত ‘হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা প্ৰদান’ আৰু পাঁচখন শিশু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে সৰস্বতী বন্দনা পৰিৱেশন কৰে শিল্পী তথা লেখিকা মিতালী শৰ্মাই৷ অনুষ্ঠানত যোৰহাটৰ ৰুমা শইকীয়া, নাৰায়ণপুৰৰ জোনমণি বৰা, গুৱাহাটীৰ এলিজা শৰ্মা আৰু বৰপেটাৰ হিৰণ শইকীয়া লহকৰক উৎকৃষ্ট শিশু সাহিত্যৰ বাবে বঁটা প্ৰদান কৰা হয়৷ এই বঁটাত সাত হাজাৰ টকা মূল্যৰ গ্ৰন্থৰ টোপোলা, মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়৷ আনহাতে অনুষ্ঠানত ৰহাৰ ৮৫ বছৰীয়া লেখিকা মনোৰমা ভূঞাৰ শিশু সাহিত্য সমগ্ৰ, গুৱাহাটী ড॰ মামণি বৰঠাকুৰৰ বুৰঞ্জীমূলক ‘শিলেও কথা কয়’ আৰু ‘আমাৰ আছে উপাধি হওঁ আহা চিনাকি’ আৰু বৰপেটাৰ হিৰণ শইকীয়া লহকৰৰ ‘অটল বিহাৰী বাজপেয়ী’ আৰু অনুবাদ গ্ৰন্থ ‘এটি ছুইছ পৰিয়াল- ৰবিনছন ’ গ্ৰন্থকেইখন উন্মোচন কৰা হয়৷ গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুককে জ্যেষ্ঠ লেখিকা মনোৰমা ভূঞাৰ শিশু সাহিত্যৰ প্ৰতি থকা অৱদানৰ বিষয়ে উল্লেখ কৰি এই বয়সতো শিশু সাহিত্য চৰ্চা কৰি থকা বাবে শলাগ লয়৷ তেওঁ অভিভাৱকসকলক শিশুসকলৰ হাতত প্ৰতিমাহে একোখনকৈ গ্ৰন্থ তুলি দিবলৈ আহ্বান জনায়৷ বিশিষ্ট শিশু সাহিত্যিক অভিজিত শৰ্মা বৰুৱাই কিতাপে মানুহক দিব পৰা বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ মামণি বৰঠাকুৰৰ বুৰঞ্জীৰ বিষয়ে বিভিন্ন লেখাৰ মাজেৰে নতুন প্ৰজন্মই বুৰঞ্জীক জানিবলৈ আগ্ৰহী হ’ব বুলিও কয়৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব অঞ্জন শৰ্মাই পুৰণি অসমীয় শিশু সাহিত্যৰ বিষয়ে উল্লেখ কৰি সেই গ্ৰন্থবোৰ পুনৰ মুদ্ৰনত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়৷ প্ৰসংক্ৰমে তেওঁ সত্যনাথ বৰা, বেণুধৰ শৰ্মা আদিৰ শিশু সাহিত্যৰ বিষয়ে উল্লেখ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে যিসকলৰ সোঁৱৰণত পুৰস্কাৰ প্ৰদান কৰা হৈছে সেইসকল ব্যক্তি নৱজিৎ বৈশ্য, কৃষ্ণ ৰায়মেধি আৰু সুৰেন্দ্ৰ নাথ ভূঞাৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্বলন কৰা হয়৷ মণিকা শইকীয়াই আঁত ধৰা অনুুষ্ঠানত আদৰণি ভাষণ দিয়ে সম্পাদক অনুভৱ পৰাশৰে৷ শ্ৰীয়ানশ্ৰী ডি এম শইকীয়াই এটি কবিতা পাঠ কৰি সকলোকে মুগ্ধ কৰে৷ হিয়াৰ ৰামধেনুৰ তৰফৰ পৰা লেখিকা আৰু বঁটা প্ৰদান কৰা ব্যক্তিসকলক আদৰণি জনোৱা হয়৷ আজিৰ অনুষ্ঠানত লেখিাক শশীপ্ৰভা দাস, মাধুৰী কলিতা চৌধুৰী, মীনা কুমাৰী ৰায় মেধি, মীনা দাস বৰুৱা, শিশু সাহিত্যিক দীপ্তি বৰুৱা, সুৰেন্দ্ৰ মোহন দাস, লেখক ৰিপুঞ্জয় গগৈকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷