প্ৰিতম চলিহা আৰু বৃদ্ধ মানুহজন
এংগ্ৰাছৰ নিমজ টিলাতোৰ সৰু মিউজিয়ামটোৰ বাহিৰৰ পুৰণি বেন্স খনত বহি পৰিল প্ৰিতম চলিহা।বেন্স খনত আৰু এজন মানুহ বহি আছিল।প্ৰথম দৰ্শণতে দেউতা-বৰ দেউতা যেন লগা মানুহজনৰ লগত তেওঁৰ কথা পাতিবৰ মন গ’ল।তেওঁ সুধি পেলালে-‘আপুনি ক’ত থাকে?’
মই ইয়াৰ পৰা ২০ কিলো মিটাৰমান দূৰৰ এখন গাঁওত থাকো।ইয়ালৈ মাহেকে-পষেকে মই আহো।সৌযে দেখিছে ৰঙা-গুলপীয়া-হালধীয়া গোলাপ,ক’লা-বগা আঙুৰ গছেৰে ভৰা ঘৰটো-সেইটোৱেই মোৰ ঘৰ আছিল।মোৰ পত্নী চাৰি বছৰ আগতে ঢুকাল।ল’ৰা দুটা দেশে-বিদেশে।ঘৰটো বিক্ৰি কৰি মই এতিয়া কেয়াৰ হমত।
মাজে মাজে ইয়ালৈ আহোঁ।ঘৰটোৰ মালিকজন বৰ সুন্দৰ মনৰ।মোৰ মৰমৰ পিয়ানোখন,কিতাপৰ আলমাৰীটো-ল’ৰা দুটাই সৰুতে খেলা ডল হাউচটো-মিটো চাই চাই মাকে সিহঁতৰ ল’ৰালি সুঁৱৰিছিল-মই তেওঁক দি গৈছিলো।তেওঁ বৰ আটোমটোকাৰিকৈ ৰাখিছে ।তেওঁ মই আহিলেই আথেবেথে
মই ভালপোৱা গীত বোৰ পিয়ানোত বজাই শুনাই।মোৰ বৰ ভাল লাগে ।
তেওঁৰ অৱসন্ন চকুজোৰ কিয় জানো চলিহাৰ ককাক কিম্বা পিতাকৰ চকু যেন লাগিছিল।মসৃন ঘাঁহনি খনৰ বুকুৱেদি এছাটি দুখৰ বতাহ যেন বৈ গৈছিল।অলপ পিছতে তেওঁক নিবলৈ নিৰ্দিষ্ট কোঠালিলৈ কেয়াৰ হমৰ সহায়কাৰী পাবহিয়ে।তেওঁক কৰমৰ্দন কৰি চলিহাই বিদায় লৈছিল।জীৱনৰ বাদ্ধক্যৰ নিৰ্মম সত্যটোৱে হুমুনিয়াহ এটা হৈ বুকু ফাটি ওলাই আহিছিল।
মাধুৰী শৰ্মা সভাপণ্ডিত