প্ৰাণৰ প্ৰিয়তম – নিতিষ্মান দাস

Pc Inspiring Tips

প্ৰাণৰ প্ৰিয়তম

নিতিষ্মান দাস

কঁহুৱা বন দেখিলেই মনত যেন এটি বিশেষ ভাৱৰ জাগৰণ হয়। সেই আলফুলীয়া শুকুলা বৰণেৰে জিকমিকাই থকা হাতবোৰ মলয়াৰ পৰশ পাই নাচি থকা দেখিলেই যেন হৃদয়ৰ সাগৰত নাচি উঠে শান্তিৰ উৰ্মিমালা। দেহে প্ৰাণে যেন বাজি উঠে এটি আপোন সুৰ। অচিন হলেও যেন হিয়াৰ নিচেই আপোন।

কঁহুৱা বনৰ দৰেই আলফুলীয়া হিয়া আৰু শান্তি জাগৰণ কৰিব পৰা সামৰ্থ্য আছে যাৰ, সিয়েই যেন হৈ পৰে হিয়াৰ আমঠু আৰু কোনো এজনৰ প্ৰিয়তম। এনে লোক যেন বৰ্তমান যুগত বিচাৰি পাবলৈয়ে বহু টান। এই নতুনত্বৰ গতি খেদা পৃথিৱীখনত কাৰো যেন ৰ’বলৈ সময় নাই, আনকি আনৰ দুখত সহানুভূতি জনাবলৈও যেন কোনো নাই। সকলো মাথোঁ নিজক লৈ ব্যস্ত, নিজৰ সপোনক লৈ ব্যস্ত।এই ধৰণীখন দেখাত যিমান সহজ সিমান জটিল ইয়াৰ ভিতৰভাগ। এফালে সেউজীয়া অটব্য অৰণ্য থকা ঠাইত আনফালে মৰুভূমিও আছে বুলি কোনে ক’ব পাৰে।গাওঁবোৰ নোহোৱা হ’ল। এতিয়া গাওঁবোৰ হ’ল ওখ ওখ অট্টালিকাৰ আৰু কাৰখানাৰ এখন বৃহৎ কৰ্মভূমি।

অনুৰাগ এজন চহৰৰেই অনাথ ল’ৰা।সি অনাথ হোৱাৰ লগতে সমাজে তাক ঘৃণায়, কিয়নো সি সদায়ে সুৰাপান কৰি মতলীয়া হৈ ৰাস্তাৰ আশে-পাশে, কেতিয়াবা মানুহৰ দুৱাৰৰ সমুখত, কেতিয়াবা চহৰৰ অৰঙে-দৰঙে বহু বঢ়া-কথা কৈ ফুৰে। তাৰ দুখৰ কথাবোৰ মাথোঁ সি ক’ব বিচাৰে। তাৰ দুখ বুজা কোনোবা এজন পাব বুলি সি চেষ্টা কৰি থাকে।কিন্তু নাই কোনেও তাক বুজিবলৈয়ে চেষ্টা নকৰে।

সি সদায়ে জোৱা খেলিবলৈ যায় আৰু যিকেইটা ধন সি জয় কৰে, সেইকেইটা সি সুৰাৰ নামত ব্যৰ্থ কৰে। কেতিয়াবা সি বিড়ীও টানি থাকে।তাৰ জীৱনত যেন লটি-ঘটি হৈয়েই থাকে।তাৰ এনে কু-স্বাভাৱৰ বাবেই কোনেও তাক নামাতে আৰু তাৰ ওচৰলৈ নাযায়।কিন্তু এইবোৰৰ বাবে অনুৰাগোতো দায়ী নহয়।

নিশ্চয় তাৰ আঁৰত লুকাই আছে এটি দুখ লগা কাহিনী। সি কোনো এজন যেন আপোন মানুহৰ সন্ধানত এই বিশাল জগতত হেৰাই পৰে। কিন্তু নাই সি তেনে এজন লোক যেন বিচাৰি নাপায়। বিচাৰি বিচাৰি যেন ভাগৰি পৰে।কোনো এজনক যেন সি, তাৰ হৃদয়খনিৰ কথা কববিচাৰে। দুখ-কষ্টৰ সেই বোজাবোৰ যেন সি পাতলব বিচাৰে।

কিন্তু সি তেনে এজন মানুহ বিচাৰিয়েই নাপায়। তাৰ কাহিনী কোনোবাই শুনিলেও বিশেষ গুৰুত্ব নিদিয়ে। বহুতে তাৰ কথাবোৰ ভদ্ৰ হৈ দেখুৱাবৰ বাবে কয় বুলি ভাবে, কিছু লোকে তাৰ কথা পানীৰ মিঠৈ বুলি ভাবে।

চহৰৰ সকলোৱে তাক মদাহী বুলিহে জানে।এই বিশাল জগতখনিত যেন সি অকলশৰীয়া। সি তাৰ জন্মদিন, পৰিয়াল, ঠিকনা, সকলোখিনিৰ পৰা অজ্ঞাত।এই ধৰণীত সি মাথোঁ এটি যাযাবৰী আকাশত উৰি ফুৰা ডাৱৰৰ দৰে। দিন বাগৰি ৰাতি হয়। অনুৰাগ এখন দোকানলৈ যায়। তাত ৰাতি কিছু ল’ৰা গোট খাই সুৰাপান কৰে। অনুৰাগ তালৈ অহৰহ গৈ থাকে।অনুৰাগে দোকানখনৰ বাৰাণ্ডাৰ মজিয়াত বহি আমন-জিমনকৈ আকাশলৈ চাই থাকে।

এনেতে তাৰেই সুৰাপান কৰি থকা এটা ল’ৰাই তাক মাতে – “ঐ ভাই ! কি হ’ল বে তোৰ। তাতে ভেকুলীৰ দৰে ৰৈ আছ যে ! নাখাৱ নেকি ? আহ পাৰ্টি কৰিম আমি !”

“ৰহ আহিছোঁ ! মোলৈ ৰাখিবি আকৌ !” – অনুৰাগে কয়।

অনুৰাগে সিহঁতৰ সৈতে বহি সুৰাপান কৰিবলৈ ধৰে আৰু সমাজৰ বিষয়ে কথা পাতিবলৈ ধৰে।অনুৰাগে মাতাল হৈ সিহঁতক কয় – “এই পৃথিৱীৰ সকলো মানুহেই পাগল বুজিছ। আমি মদাহী যে, কোনেও নামাতে বুজিছ !এটাক কিবা কবলৈ লওঁহে কেতিয়া নাইকিয়া হৈ যায় গমেই নাপাওঁ।”

এটাই কয় – “ঠিকেই কৈছ ভাই ! ধনী মানুহবোৰৰ বাহাদুৰি কি চাবি ! গাড়ীত বহি দামী দামী কাপোৰ পিন্ধি নিজকে ৰজা বুলি ভাবে।”

অনুৰাগে কয় – “ভাল হৈ লাভ নাই ! ভাল কাম কৰিও লাভ নাই ! কোনেও গুৰুত্বই নিদিয়ে। কোনেও নুবুজে কাৰো কথা।সকলো মানুহেই প্রৱঞ্চক।”

এনেকৈ সিহঁতৰ কথাৰ আৰম্ভণি হয়। মনলৈ যি আহে তাকেই কৈ ফুৰিব, ইফালে মাতাল হৈ থকাৰ বাবে কোনে কি কৈছে কোনেও নাজানে।অনুৰাগে এই কথাষাৰ কওঁতে যেন ভাবুক হৈ পৰিছিল।এই কথাষাৰ যেন এটি ভাগি পৰা আত্মাৰ। সি ভাল কাম কৰিবলৈ মন কৰে। সমাজে তথাপিও তাক যেন মদাহী আৰু অভদ্ৰ বুলিয়েই ভাবিব। সি কেৱল নিজৰ জগতত মগন। এনিশা অনুৰাগ দোকানলৈ যাবলৈ ওলাইছিল।ৰাস্তাৰে সি গৈ আছিল।

ঘিটমিট এন্ধাৰে আকাশখন আৱৰি আছিল।মাজনিশাৰ বাবে যান-বাহনৰ চলন নাই বুলিয়েই কব পাৰি। কুকুৰেও মাজে মাজে ভুকিছিল। দিনত ইমান ব্যস্ত হৈ থকা পথটো যেন মাজনিশা মৰিশালীৰ দৰে নীৰৱ হৈ পৰিল। সি খোজ কাঢ়ি গৈ থাকোঁতে ৰাস্তাৰ কাষত এজনী গাভৰু ছোৱালী দেখা পায়। তাই বেহুচ হৈ পৰি আছিল।এই মাজনিশা এজনী ছোৱালী বেহুচ হৈ পৰি থকাৰ কাৰণ কি।

বৰ্ত্তমান যুগত কাক বিশ্বাস কৰিব পাৰি, কোনে কি কৰে। আনফালে মাজিনিশা দানৱৰ সমাগম অধিক, কালছোৱা সুৰক্ষিত নহয়।অনুৰাগে তাইক দেখি মনতে ভাবে – “এই বেহুচ হ’ল, নে হ’লেই আকৌ ! এই মাজনিশা ইয়াত কি কৰি আছে।”

প্ৰথমে সি তাৰ নিঠুৰ হিয়াখনি জাগ্ৰত কৰিবলৈ যত্ন কৰে কিন্তু নাই, তাৰ কুমলীয়া হিয়াখনিয়ে সেই সময়ত চিঞৰি উঠে।যিমানবাৰ নিষ্ঠুৰ হবলৈ সি যত্ন কৰে, তাতকৈ দুগুণে তাৰ কুমলীয়া হিয়াখনে জোৰকৈ চিঞৰি উঠে। সি সময়খিনি ভাল নেদেখি চহৰৰ চিকিৎসালয়লৈ লৈ যাম বুলি ভাবিলে। চিকিৎসালয়ো তাৰ পৰা বেছি দূৰ নহয়।সি তাইক কোলাত লৈ অকণমান দূৰ গৈছিলহে।কেইটামান লৰাই তাক দেখা পালে। এটাই অনুৰাগক দেখা পাই কবলৈ ধৰে – “ঐ চাচোন সেইটো মদাহী নহয়নে বাৰু ?”

আন এটাই কয় – “সেইটো বাদ দে ! সেইজনী আমাৰ ডি.চি. ছাৰৰ ছোৱালী দেখোন !”

“দেখিছ কিমান অসভ্য আৰু নিলাজ সি ! ব’ল তাক এসেকা দি আহোঁ, তাৰ সাহস কেনেকৈ হ’ল।”

সিহঁতে ভুল বুজি তাৰ ওচৰ পালেগৈআৰু তাক আঘাত কৰিবলৈ ধৰিলে।এটাই খঙতে কয় – “ছাল্লা নিলাজ, অভদ্ৰ ! আমাৰ ফুকন ছাৰৰ ছোৱালীজনীক ক’লৈলৈ যাবলৈ ওলাইছিলি ! মদাহী !”

অমৰ ফুকন আছিল চহৰখন এজন প্ৰতিষ্ঠিত উদ্যোগপতি।

নিৰীহ অনুৰাগে সিহঁতক কাবৌ কৰি কয় – “মই..মোৰ কোনো বেয়া ধাৰণা নাছিল।তাই বেহুচ হৈ পৰি আছিল।মই একো নাজানো।মোক যাবলৈ দিয়ক…মোক যাবলৈ দিয়ক !”

“কোনো প্ৰমাণ নোহোৱাৰ বাবে আজি তোক এৰি দিছোঁ।অন্য এদিনা যদি এনেকৈ তোক দেখা পাওঁ, সেইদিনাই তোৰ অন্তিম দিন হব।”

সি তৎক্ষণাত সেই ঠাইৰ পৰা আঁতৰি গ’ল অশ্ৰুৰ এটি ধল বোৱাই। তাৰ হৃদয় যেন ভাগি পৰিছিল।এটা সৎ কাম কৰোঁতেওযেন সি যান্ত্ৰণা ভুগিব লগা হ’ল। তাৰ ভগৱানৰ ওপৰতো বিশ্বাস হেৰাই গৈছিল।

কিন্তু অনুৰাগে নাজানিছিল, এই ঘটনাটোৱেই হব তাৰ নৱ জীৱনৰ মূল ভেটি।সি সেইদিনা একো নাখালেই। আনহাতে চিকিৎসালয়তছোৱালীজনীয়ে জ্ঞান পাই সুধিবলৈ ধৰে – “মই ইয়াত কি কৰি আছোঁ।”

এনেতে তাইৰ দেউতাকে কয় – “হিয়া ! তুমি হেনো বেহুচ হৈ পৰি আছিলা। ভাগ্য ভাল কেইটামান ভাল ল’ৰাইতোমাক দেখা পালে।”

হিয়াই কয় – “অ হয় নেকি।মই কি হৈছিল একোৱেই নাজানো।”

“বাৰু যি হ’ল হ’ল ! মই সদায়ে কওঁ এনেকৈ অকলে নাযাবলৈ কিন্তু তুমিহে মোৰ কথাত গুৰুত্ব নিদিয়া। বৰ্তমান যুগ ভাল নহয়।”

এদিন অনুৰাগ কেইটামান ল’ৰাৰসৈতে জোৱা খেল খেলিবলৈ আৰম্ভ কৰিছিল।জোৱা খেলত সি জয়ী হৈছিল আৰু পইচা কেইটামানো পাইছিল। সি সেই পইচা কেইটাৰে ৰাতি মদ খাম বুলি ৰাখি থৈছিল। আবেলি ৰাস্তাৰ ফালে আমন-জিমনকৈ অনুৰাগ নীৰৱে গৈ আছিল।কোনোবাই তাক বৰ বেয়াকৈ গালি পাৰিছিল, লগতে তাৰ মাক-দেউতাকৰো কথা বৰ বেয়াকৈ কৈছিল।

সি তাৰ মাক-দেউতাকক দেখা নাপালেও তেওঁলোকলৈ বৰকৈ মনত পৰিছিল।

সি এই পৃথিৱীৰ মানুহবোৰৰ পৰা সকলো বিশ্বাস হেৰুৱাইছিল।

অনুৰাগ নীৰৱে গৈ থাকোঁতে হঠাৎ তাৰ কাষৰ পৰা এখন গাড়ীয়ে তাক খুন্দা মাৰিছিল। ৰাস্তাত পৰি তাৰ মূৰৰ পৰা তেজ ওলাবলৈ ধৰিল।সি কিছু সময়ৰ পাছত অচেতন হৈ পৰিছিল।

গাড়ীখনৰ পৰা উচাপ খাই হিয়া ওলাই আহে।

তাইৰ কি কৰোঁ কি নকৰো যেন লাগিল।

ক্ষিপ্ৰভাৱে তাই অচিন ল’ৰাটোক গাড়ীৰ ভিতৰত বহাই হস্পিতেললৈ ঢাপলি মেলিলে।নিজৰ ওপৰতে খং উঠিল হিয়াৰ। তাইৰ বাবে যদি এই নিৰীহ মানুহজনে প্ৰাণ হেৰোৱাব লগীয়া হয়, তেন্তে ইয়াতকৈজঘণ্য কাম হয়তো জীৱনত কৰিবলৈ বাকী নাথাকিল।হস্পিতেলত সি দুঘণ্টামান শুই থাকিল।

মূৰত তাৰ সেই বৈ অহা ৰক্তবোৰ বন্ধ কৰিবলৈ Bandage মাৰি দিছিল।

ডাক্তৰে হিয়াক কৈছিল – “চিন্তা নকৰিবা ! অকণমান Rest ল’লেই ভাল হ’ব।”

যেতিয়া সি শুই উঠিল সি দেখিলে হস্পিতেলখনৰ অচিন কোঠাটো।

কিছু সময় ওপৰলৈ চাই যেতিয়া সি হিয়াৰ চিন্তিত মুখখনৰ ফালে চকু ফুৰালে, সি উচপ খাই শোৱাৰ পৰা উঠিল। এখন অবাঞ্চিত মুখ।

অনুৰাগক তাই মৰমেৰে এবাৰ মাত লগায় – “এতিয়া অলপ ভাল লাগিছে নে ?”

অনুৰাগে ভয়ে ভয়ে তাইক ক’লে- “তুমি ! যোৱা মোৰ ওচৰলৈ নাহিবা। মইটো তোমাৰ বেয়া চিন্তাহে কৰোঁ। আঁতৰি যোৱা !”

“কি কৈছে এইবোৰ।” – পৰিস্থিতিটো বুজি নাপাই ভয়ভয়কৈ সুধিলে তাই।

“কি পাহৰিলাই সেই দিনটোৰ কথা।”

ইয়াৰ পাছত সি সুবিধা পাই তাইক এফালৰ পৰা সকলো কৈ গ’ল। আনকি নিজৰ দুখৰ কথাও তাইক কৈ গ’ল।

“তাৰমানে সেইদিনা এইটোহে হৈছিল।তুমি চিন্তিত নহবা।কিবা অসুবিধা পালেই মোক কৈ দিবা। মা দেউতা নাথাকিলেও মই আছোঁ নহয়।তুমি মদাহী নহয়, এটি হীৰা-মণি।মানুহবোৰ ইমান নিষ্ঠুৰ কেনেকৈ হব পাৰে।” – তাই সহানুভূতিৰ সুৰেৰে তাক ক’লে।

অনুৰাগে কয় – “তোমাৰ নাম কি বাৰু ! তোমাক কিবা আপোন আপোন যেন লাগিছে বুজিছা। আজিলৈকে মই এনে মৰমৰ মাত এষাৰ শুনাই নাই।মোক মাজে মাজে লগ কৰি থাকিবাচোন, মন পাতল পাতল লাগে।”

তাই কয় – “মই হিয়া।পিছে তোমাৰ নাম !”

“মই অনুৰাগ ! যি নাম দি মাতা তুমি !”

এনেকৈ দুয়োৰে মাজত এটি শক্তিশালী বান্ধোনে গঢ় লৈ উঠে, ক’ব নোৱাৰাকৈ।

এটি দৃঢ় বান্ধোন। লাহে লাহে দুয়ো আপোন হৈ পৰিল। দুয়োৰে মাজত সেতু নিৰ্মান হ’ল প্ৰণয়ৰ।হিয়াই অনুৰাগৰ দুখ কষ্টবোৰ দেখি বৰ দুখ পাইছিল। তাই তাৰ সৈতে হোৱা অন্যায় সহ্য কৰিব নোৱাৰা হ’ল। কোনো দোষ নাথাকিও তাৰ যান্ত্ৰণা দেখি তাইৰ হৃদয় কান্দি উঠে।হিয়াই এদিন দেউতাকৰ ওচৰলৈ গৈ তাইৰ মনতে গুজৰি-গুমৰি থকা এটা কথা প্ৰকাশ কৰে – “দেউতা মই জানো, তুমি চাগৈ মান্তি নহ’বা। তথাপিও এটা কথা কব লগীয়া আছিল।”

দেউতাকে সুধে – “কি কথা মাজনী ! কোৱাচোনকি বা আছিল।”

হিয়াই অলপ সময় নীৰৱে থাকে আৰু তাৰ পাছত কয় – “দেউতা মই অনুৰাগৰ সৈতে বিয়াত বহিব বিচাৰোঁ।”

দেউতাকে আচৰিত হৈ হিয়াক কয় – “কি ! তুমি জানানে তাৰ পৰিচয় কি ! সি এটা মদাহী।তুমি তাৰ সৈতে বিবাহত বহি কিয় জীৱনটো ধ্বংস কৰিব বিচাৰিছা।”

হিয়াই আবেগিক হৈ কয় – “তুমি তাৰ আঁৰৰ কাহিনী নাজানাই ! তাৰ………।”

হিয়াই তাৰ কাহিনী আৰু সেইদিনা হোৱা ঘটনাটো সম্পূৰ্ণ বিৱৰি কৰি কয়।দেউতাকে ইয়াৰ পাছত হিয়াক কয় – “মোৰ এই চহৰখনত এনেকুৱা অসহায় মানুহো আছিল বুলি মই কেতিয়াও ভবা নাছিলোঁ। পিছে এদিন মই অনুৰাগক দৰিদ্ৰ লোক কিছুমানকো সহায় কৰা দেখিছিলোঁ। মই সেইদিনাই আঁচৰিত হৈছিলোঁ। মই এই কথাটোত সিমান গুৰুত্ব নিদিলোঁ তোমাক সিয়েই সহায় কৰিছিল বুলি মই একেবাৰে ভবা নাছিলোঁ।মাজনী তুমিয়েই মোৰ একমাত্ৰ সন্তান, তুমি যি কৰিব বিচাৰৰিছা কৰা ! কিন্তু ভালকৈ সকলো বিচাৰ কৰিবা। তোমাৰ মই বেয়া হোৱাটো নিবিচাৰোঁ।”

এনেতে হিয়াই দেউতাকক মৰমেৰে সাৱটি ধৰে।

“মাজনী ! এতিয়াও মই অনুমতি দিয়া নাই, তথাপিতো তাক এটা সোণালী সুযোগ দিব পাৰো। যদি সি পাৰে তেন্তে মোৰ কোনো আপত্তি নাই।”

“কি দেউতা ! কোৱাচোন !” – তৎক্ষণাত তাই উত্তেজিত হৈ সুধিলে।

“মই এটা ভাল কোম্পানী খুলিছোঁ।এতিয়া ভালকৈ চলি আছে তুমিতো জানাই।পিছে সেইটো চলাবলৈ এজন ভাল বিশ্বাসী মানুহৰ প্ৰয়োজন আছিল।মই সেই কোম্পানীটো তাৰ হাতত দি সি কৰে এবাৰ চাম।যদি সি পাৰে তেন্তে কোনো কথাই নাই। লগতে সি মদ খোৱাও এৰিব লাগিব। পাৰিব সি ?”

“সি পাৰিব। মানুহবোৰেহে তাক এনেকুৱা কৰিছে।তাৰ অন্তৰখন সম্পূৰ্ণ বিপৰীত।”

এনেকৈ অনুৰাগে সেই কোম্পানীটোৰ দায়িত্বত নিজৰ ওপৰত ল’লে।হিয়াৰ দেউতাকৰ তাৰ ওপৰত বিশ্বাস নাছিল।

চিন্তাৰ মাজেৰে তিনিমাহ পাৰ হৈ গ’ল।অনুৰাগে বৰ যতনেৰে সকলো কাম কৰিলে। মদ বোলা বস্তুটো যেন নায়েই, এনেকৈ ভাবি লৈছিল সি। তাৰ প্ৰকৃত ৰূপটো দেখুৱালে।

তেতিয়া হিয়াৰ দেউতাক অবাক হৈ পৰিছিল।

এনে এটা মদাহীৰ ভিতৰখন ইমান পৰিষ্কাৰ বুলি দেউতাকে দিঠকতটো বাদেই, সপোনতো ভবা নাছিল।

হিয়াই কোৱা কথাবোৰ তেতিয়াহে দেউতাকে বুজিছিল – “এজন মানুহক পৰিস্থিতি আৰু সমাজেই সম্পূৰ্ণ বিপৰীত কৰি তোলে।”

দেউতাকৰ অনুৰাগলৈ পুতৌ ভাৱ উপজিল। মিচিকিয়াই এটা হাঁহি মাৰি দেউতাকে হিয়াক ক’লে – “তোমাৰ অপেক্ষাৰ অন্ত পৰিল।”

হিয়াৰ দেউতাকে তাৰ প্ৰতি থকা সহানুভূতি দেখাই বিবাহৰ বাবে মান্তি হ’ল। কেৱল এটা স্বৰ্ত আছিল যে সি সকলো অপকাৰী বস্তু জীৱনত কেতিয়াও হাত লগাব নোৱাৰিব।অনুৰাগৰ জীৱনত যেন জিলিকি উঠিল প্ৰভাতৰ জিকমিকাই থকা এটি নতুন সুৰুজ।অনুৰাগে। উপলব্ধি কৰিলে – “এই জগতখনিত কেৱল এজন দুজনৰ অপমানজনক কথাত থমকি ৰ’ব নালাগে।সেইবোৰ হ’ল জ্ঞানী হৈও অজ্ঞানী। কেৱল নিজৰ কৰ্ম আৰু স্বভাৱৰ ওপৰত গুৰুত্ব দিব লাগে। পৃথিৱীত এতিয়াও ভাল মানুহ জীয়াই আছে, সেইবাবে পৃথিৱী, পৃথিৱীৰ ৰূপত আছে।”

হিয়াৰ মাথোঁ সেই স্নেহভৰা পৰশে তাৰ জীৱন সম্পূৰ্ণ সলনি কৰি দিলে। তাৰ মদাহী পৰিচয়টো এতিয়া হৈ পৰিল অনুৰাগ ছাৰ।এই সকলোবোৰ সম্ভৱ হ’ল কেৱল হিয়াৰ দৰে এজনী আলফুলীয়া প্ৰাণৰ ছোৱালীৰ বাবে।”

অনুৰাগে হিয়াৰ হিয়া সাৱটি কয় – “তুমিয়েই মোৰ হিয়াৰ হিয়া আৰু প্ৰাণৰ প্ৰিয়তম !”