প্ৰাগজ্যোতিষ কলেজত ৰাষ্ট্ৰীয় শিক্ষা নীতিত হিন্দী শিক্ষাৰ ভূমিকা সন্দৰ্ভত এখন ৱেবিনাৰ অনুষ্ঠিত
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাগজ্যোতিষ কলেজত ৰাষ্ট্ৰীয় শিক্ষা নীতিত হিন্দী শিক্ষাৰ ভূমিকা সন্দৰ্ভত এখন ৱেবিনাৰ অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়খনৰ হিন্দী বিভাগৰ উদ্যোগত অনুষ্ঠিত এই ৱেবিনাৰত অংশগ্ৰহণ কৰি মিজোৰাম বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক সুশীল কুমাৰ শৰ্মাই ৰাষ্ট্ৰীয় শিক্ষা নীতিত হিন্দীৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। ভাষণ প্ৰসংগত সুশীল কুমাৰ শৰ্মাই ৰাষ্ট্ৰীয় শিক্ষা নীতিত হিন্দু শিক্ষাই এক সবল ভূমিকা পালন কৰিব বুলি মত পোষণ কৰি এই শিক্ষা নীতিয়ে হিন্দী বিষয়ত অধ্যয়ন কৰা শিক্ষার্থীসকলৰ চাকৰিৰ সা সুবিধা বঢ়াই তুলিব বুলি মন্তব্য কৰে। এই ৱেবিনাৰখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্ত, আইকিউএচিৰ সমন্বয়ক ড° মনজিৎ কুমাৰ মজুমদাৰ, হিন্দী বিভাগৰ সহকাৰী অধ্যাপিকা ড° চন্দনা শর্মাকে ধৰি মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলেও অংশগ্রহণ কৰে।