প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজনৈতিক জীৱনত কোনো চেকা বা দাগ বিচাৰি পোৱা নাযায়

Pc Wikipedia

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজনৈতিক জীৱনত কোনো চেকা বা দাগ বিচাৰি পোৱা নাযায়

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ অসমৰ ৰাজনীতিৰ এক নিকা চৰিত্ৰ হিচাপেই পৰিচিত।তৰুণ গগৈ হৈছে অসমৰ ইতিহাসৰ আটাইতকৈ অন্ধকাৰ সময়ত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি আটাইতকৈ দীর্ঘতম কাৰ্যনিৰ্বাহ কৰা মন্ত্ৰী।জীৱনৰ অন্তিম সময়লৈকে তেওঁ অসমৰ অন্যতম জনপ্ৰিয় ৰাজনৈতিক নেতা আছিল।২০০১ চনৰ পৰা ২০১৬ চনলৈক তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত আছিল।কিন্তু তৰুণ গগৈৰ ৰাজনৈতিক জীৱনত কোনো চেকা বা দাগ বিচাৰি পোৱা নাযায় যদিও এটা বিশেষ দিনত তেওঁক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল।চচিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমলৈকে এই বিষয়ত ব্যাপক প্ৰচাৰ হোৱাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।কিন্তু জানেনে কি সেই বিতৰ্ক?পূৰ্বৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ মৃত্যুত ৰাষ্ট্ৰই শোকত ম্ৰিয়মান হৈ থকা সময়ত চাহৰ দোকান এখনত নৃত্য কৰি ধৰা পৰাত তৰুণ গগৈ বিতৰ্কৰ সন্মুখলৈ আহিছিল।স্থানীয় চাহ জনজাতিৰ দুজনী ছোৱালীৰ সৈতে গগৈয়ে পাৰম্পৰিক লোকনৃত্য কৰি আছিল।পিছত তেওঁ তেওঁৰ এই ভুলৰ বাবে ক্ষমা বিচাৰিছিল।যেতিয়া সমগ্ৰ দেশে ভাৰতৰ আটাইতকৈ প্ৰিয় প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ মৃত্যুত শোক প্ৰকাশ কৰি আছিল তেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পাহৰি গৈছিল যে দেশখন সাত দিনৰ শোকৰ তলত আছে।নগাঁও জিলাৰ গল্ফ কোৰ্চৰ মাজত তেওঁৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পিছত তেওঁ নাচিছিল,গল্ফ আৰু স্নুকাৰও খেলিছিল।তেওঁ চাহ জনজাতি সম্প্ৰদায়ৰ দুগৰাকী ছোৱালীৰ সৈতে ‘ঝুমূৰ’ (এটা পৰম্পৰাগত নৃত্য) নৃত্য কৰি আছিল।পিছত তেওঁক স্নুকাৰ খেলি থকা দেখা গৈছিল।তেওঁ গেম খেলি থকা আৰু নৃত্যৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছত তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছিল।যাৰ ফলত তেওঁ ক্ষমা বিচাৰিবলৈ বাধ্য হৈছিল।পিছত তৰুণ গগৈয়ে ক্ষমা বিচাৰি কৈছিল,”মই নাচিব নালাগিছিল।মই কালামৰ মৃত্যুৰ বিষয়ে এক মুহূৰ্তৰ বাবে পাহৰি গৈছিলো আৰু ইয়াৰ বাবে মই ক্ষমা বিচাৰিছো।যেতিয়া আমি এ পি জে আব্দুল কালামৰ দুৰ্ভাগ্যজনক মৃত্যুত শোক প্ৰকাশ কৰি আছো তেতিয়া মই এইটো কৰা উচিত নাছিল।গল্ফ খেলা ক্ৰীড়া যদিও উপভোগ নহয়।”