প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ বিয়োগত শোক
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে । এক শোক বাৰ্তাত ধানোৱাৰে কয় – ‘প্ৰয়াত ডঃ সিঙৰ নেতৃত্ব আৰু অৰ্থনৈতিক সংস্কাৰ আৰু উদাৰতাৰ নীতিয়ে ভাৰতৰ অৰ্থনীতিক এক নতুন গতি দিছিল । তেওঁৰ অৱদান ভাৰতৰ ইতিহাসত সদায় স্মৰণীয় হৈ থাকিব। প্ৰয়াত ৰাষ্ট্ৰনেতা গৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।’