প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ হত্যাকাণ্ডক লৈ পদত্যাগ কৰিবলৈ ইচ্ছুক জাপানৰ আৰক্ষী অধীক্ষক

Pc The Guardian

প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ হত্যাকাণ্ডক লৈ পদত্যাগ কৰিবলৈ ইচ্ছুক জাপানৰ আৰক্ষী অধীক্ষক

ৰঙিলী বাৰ্ত্তাসেৱা- জাপানৰ ৰাষ্ট্ৰীয় আৰক্ষী সংস্থাৰ মুৰব্বীগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ হত্যাকাণ্ডৰ দায়িত্ব ল’বলৈ পদত্যাগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। বিশেষজ্ঞসকলৰ মতে, প্ৰথম আৰু দ্বিতীয়টো গুলীৰ মাজৰ ২.৫ ছেকেণ্ডত আবেক গুলীচালনাৰ পৰা আঁতৰাই আনি দেহৰক্ষীসকলে বচাব পাৰিলেহেঁতেন। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই অনুষ্ঠানটোৰ সময়ত আবেৰ চাৰিওফালে নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটি স্বীকাৰ কৰিছিল।