প্ৰহৰী- আৰাধনা কটকী

pc Pixels

প্ৰহৰী

লাহে লাহে গাঁও খনলৈ সন্ধিয়া

নামি আহিছিল, বিয়লিৰ বেলিটোও

গছজোপাৰ পাতৰ মাজৰ পৰাই

ৰঙা হৈ গৈছিল…….

অদূৰত ডবা কোবাইছিল

চৌদিশ ভাদমহীয়া

প্ৰসাদৰ গোন্ধত আমোল-মোল

আইতাক কোবাকোবিকৈ ঘৰলৈ

উভতিলে……. ওৰেটো বাট

ৰং মনৰ প্ৰশ্ন  ….

বুঢ়া গছজোপা বোলে

কাটিব, পকী হ’ব ৰাস্তাবোৰ….

কিন্তু তাত থকা

চৰাইৰ বাঁহবোৰৰ কি হ’ব

দুপৰীয়া ভাত নাকে

কাণে গুজি প্ৰকাণ্ড

গছজোপাৰ তলত

জলপৰী চোৱাৰ উল্লাস

গধূলি হ’লেই ককাকৰ

লগত সাধুৰ ৰঙীন জগতত

বিচৰণ….. কেন্দ্ৰস্থল

সেই বুঢ়া গছজোপা

ক’ত বীৰ শ্বহীদৰ

তেজৰ চেকুৰাৰ গা‍ঁঠা

উট বোলা ভুতটোৰ

 ঘৰো; হেনো তাতেই

কিমান যে ভাগৰুৱা

পথিকৰ জিৰুৱা স্থল

ক’ত ধুমুহাই জোকাৰি

গৈছে গছ ডালক…….

প্ৰতিটো বসন্ততে আকৌ কুঁহিপাতৰ

ভৰপক ……… কিমান যে পশুপক্ষীৰ

আশ্ৰয়ৰ স্থল …. সাহসৰ

ঢল, এই বুঢ়া গছ ডালেই

সেইডাল কাটিব নিদিবা

আইতা……৷

 

আৰাধনা কটকী

 বিষয় শিক্ষয়িত্ৰীঃ পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়৷

 মাজগাওঁ, তেজপুৰ