প্ৰস্তুতি – বন্দিতা দেৱী

pc Pinterest

প্ৰস্তুতি

– বন্দিতা দেৱী,
গণকপুখুৰী

লেখনিৰ বাবে সকলোকে
কৰে তাই প্ৰস্তুত…
নাম তাইৰ প্ৰস্তুতি।

বৰ মৰম লগা তাই
চাপৰ কৈ মিঠা বৰণীয়া।
বেণী গুঠা চুলি খিনিৰে
সৈতে তাই মোৰ
মৰম লগা ভনীজনী।

ডাঙৰক সন্মান,সৰুক মৰম
কৰে তাই বৰ আনন্দেৰে।
সকলো কামতে আগবাঢ়ে
মুখত হাঁহিতি লৈ।