প্ৰয়োজনতকৈ বেছি নিজৰ দুৰ্বলতাৰ প্ৰদৰ্শন কৰিব নালাগে
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আচলতে আমি সদায় নিজকে সৰ্বশক্তিমান বুলি ভাবি জীৱন যাত্ৰ অব্যাহত ৰাখিব লাগে। অৰ্থাৎ ইয়াৰ প্ৰকৃত অৰ্থ এইটোৱে যে, আমি জীৱনত কেতিয়াও নিৰাশাত ভুগিব নালাগে। আমি জীৱনত কেতিয়াবা বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভাৱনৰ ফলত আন্তৰিক ৰূপত ভাঙি পৰো নহয়নে? কিন্তু আমি আন্তৰিকতাৰে ভাগি পৰিলেও যেতিয়ালৈকে আমি নিজৰ দূৰ্বলতাৰ প্ৰদৰ্শন নকৰোঁ সেই তেতিয়ালৈকে আমাৰ জীৱনৰ আন্তৰিক আৰু বাহ্যিক পৰিস্থিতিবোৰ আমাৰ নিয়ন্ত্ৰণত থাকে। আৰু যেতিয়াই আমি প্ৰয়োজনতকৈ বেছি নিজৰ দুৰ্বলতাৰ প্ৰদৰ্শন কৰিব ধৰো তেন্তে আমাৰ আন্তৰিক আৰু বাহ্যিক পৰিস্থিতিবোৰ আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত হৈ যায়। সেয়েহে পৰাপক্ষত আমি সকলোৱে প্ৰয়োজনতকৈ বেছি নিজৰ দুৰ্বলতাৰ প্ৰদৰ্শন কৰিব নালাগে । সচৰাচৰ আমি আমাৰ দুৰ্বলতাবোৰ জগতৰ পৰা সদায় গোপনে ৰাখিবলৈ চেষ্টা কৰিব লাগে। কাৰণ আমাৰ দুৰ্বলতাৰ বিষয়ে যদি জগতে জানিবলৈ সক্ষম হয় তেন্তে প্ৰায়বোৰ মানুহে আমাক অতি সহজে পৰাস্ত কৰিবলৈ সক্ষম হ’ব।মই আকৌ এবাৰ আপোনালোকৰ আগত ভালকৈ উল্লেখ কৰি দিওঁ যে,প্ৰয়োজনতকৈ বেছি নিজৰ দুৰ্বলতাৰ প্ৰদৰ্শন কৰিব নালাগে। চাওঁক মই প্ৰথমতে ‘প্ৰয়োজনতকৈ বেছি’ বুলি এই শব্দ দুটা এইকাৰণে ব্যৱহাৰ কৰিছোঁ যে, কিছুমান ঠাইত বা কিছুমান মানুহৰ আগত এনে কিছুমান পৰিস্থিতিৰ উদ্ভাৱন হ’ব পাৰে যত হয়তো আমি আমাৰ দুৰ্বলতাৰ প্ৰদৰ্শন জৰিয়তে ব্যক্তিগত ৰূপত সুফল পোৱাটো একেবাৰে নিশ্চিত। ঠিক তেনেধৰণৰ পৰিস্থিতিতে সময়, সুবিধা বুজি নিজৰ দুৰ্বলতাৰ প্ৰদৰ্শন কৰা উচিত। এনে একো কাৰণ নোহোৱাকৈ প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো পৰিস্থিতিতে নিজৰ দুৰ্বলতাৰ প্ৰদৰ্শন কৰিবলৈ যোৱাটো একেবাৰে এক সাংঘাতিক মূৰ্খামিৰ বাহিৰে আন একো নহয়। প্ৰকৃততে কবলৈ গ’লে বৰ্তমান সময়ত আমাৰ গোটেই সংসাৰখনে সুবিধাবাদী মানুহৰ দ্বাৰা ভৰি পৰিছে। গতিকে আপুনি যদি আজি কাৰোবাক নিজ বন্ধু বা সম্পৰ্কীয় বুলি আপোনাৰ জীৱনৰ গোপন কথাবোৰ বা দুৰ্বলতাৰ দিনবোৰ তেওঁলোকৰ আগত প্ৰকাশ কৰিছে বা প্ৰকাশ কৰিবলৈ প্ৰস্তুত হৈছে তেন্তে অতি শীঘ্ৰেই সাবধানতা অবলম্বন কৰক। কাৰণ সুবিধাবাদী মানুহে সুবিধা আদায় হোৱাৰ পিছত আপোনাৰ জীৱনৰ গোপন কথাবোৰ বা আপোনাৰ দুৰ্বলতাবোৰৰ ওপৰত প্ৰথমে আহি প্ৰহাৰ কৰিব।উক্ত আলোচনাৰ জৰিয়তে মই কেৱল আপোনালোকক উদ্দেশ্য কৰি এই কথাষাৰ উল্লেখ কৰিছোঁ এনে নহয়। আচলতে আপোনালোকক উদ্দেশ্য কৰি পোনপ্ৰথমতে মই নিজেই নিজকে সজাগ কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। জীৱন মানেই হ’ল ভুল, শুদ্ধৰ মাজত শিক্ষা গ্ৰহন কৰি যোৱাৰ এক সাধন বা মাধ্যম। কিন্তু মনত ৰাখিব কিছুমান ক্ষেত্ৰত আমাৰ হাতত কেৱল একেটাই সুযোগ থাকে। সেই সুযোগতে আমি কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ সেইবোৰ কিন্তু নিজ নিজ ব্যক্তিগত কথা।