প্ৰভাত শৰ্মাৰ মৃত্যু বাৰ্ষিকী
ৰঙিলী বাৰ্ত্তাসেৱা- লোক সংস্কৃতিৰ সাধক সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত প্ৰয়াত প্ৰভাত শৰ্মাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনস্থিত ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় শ্ৰদ্ধাজ্ঞলি অনুষ্ঠান। অনুষ্ঠানত প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিত “পৰভাত” শীৰ্ষক এখনি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।’উইণ্ডছংছ”ৰ বেনাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাই পৰিচালনা কৰা তথ্যচিত্ৰখনি আনুষ্ঠানিকভাৱে মুকলি কৰে নৃত্যচাৰ্য যতীন গোস্বামীয়ে।উল্লেখ্য যে, সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত প্রয়াত শিল্পীগৰাকীৰ স্মৃতিচাৰণ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।