প্ৰবীন অনাতাঁৰৰ শ্ৰোতা মঃ জালালুদ্দিন হালদাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ‘অনাতাঁৰ মৰম পৰিয়াল’ৰ
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ প্ৰতিষ্ঠা কালৰ পৰা ধাৰাবাহিকভাবে ৰেডিঅ’ শুনি অহা তথা তেতিয়াৰ পৰাই ২০২২ চন শেষ ফাললৈকে নিয়মীয়াকৈ কেন্দ্ৰটিৰ বিভিন্ন অনুষ্ঠানলৈ পত্ৰ প্ৰেৰণ কৰি উজনি অসমৰ ৰেডিঅ’ শ্ৰোতা ৰাইজৰ মাজত পৰিচিত হোৱা অবিভক্ত শিৱসাগৰ জিলাৰ বৰ্তমান চৰাইদেউ জিলাৰ চফ্ৰাই চাৰিআলিৰ মঃ জালালুদ্দিন হালদাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্ৰোতা সংঘ “অনাতাঁৰ মৰম পৰিয়াল”য়ে। শণিবাৰে নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰা প্ৰবীন শ্ৰোতা গৰাকীৰ মৃত্যুৰে খৱৰে পৰিয়ালটোৰ প্ৰতিজন সদস্যৰে মন সেমেকাই তোলে । উল্লেখযোগ্য ২০১০ চনৰ ২৫ ডিচেম্বৰত মাজুলীৰ মূদৈবিলত জন্ম হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্ৰোতা সংঘ “অনাতাঁৰ মৰম পৰিয়াল”ৰ প্ৰতিষ্ঠা কালৰ পৰা মৃত্যু পৰ্যন্ত মুখ্য উপদেষ্টা হিচাপে থাকি ৰেডিঅ’ৰ কাৰণে পৰিয়ালটোৱে ৰূপায়ন কৰি অহা প্ৰতিটো কাৰ্যসূচীত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰাৰ লগতে পৰিয়ালটো জীয়াই ৰখাত অহোপুৰুষাৰ্থ কৰি আহিছিল প্ৰবীণ শ্ৰোতা গৰাকীয়ে । মাজুলীত ৰূপায়ন কৰা পৰিয়ালটোৰ প্ৰতিষ্ঠা দিৱসত সপৰিয়ালে তেখেত উপস্থিত থাকি মূল কাৰ্য্যসূচীত সঞ্চালকৰ দৰে আসন শুৱনি কৰি বহু কেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ পৰিয়ালটোলৈ আগবঢ়াইছিল । পৰিয়ালটোৱে প্ৰতিটো প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী ৰূপায়ন কৰা অঞ্চলত ৰোপন কৰি আহিছে একোটিকৈ গছপুলি । সেই সময়ত মাজুলীত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি তেখেত ৰোপন কৰি থৈ যোৱা গছপুলি আজি একোজোপা বৃক্ষ লৈ ৰূপান্তৰিত হোৱাৰ কথা আজি পৰিয়ালটোৰ ফোন কনফাৰেন্সত হোৱা সভাত উল্লেখ কৰে পৰিয়ালটোৰ প্ৰতিষ্ঠাপক মাজুলী শইকীয়াই । যোৱা বৰ্ষৰ পৰিয়ালটোৰ জোনাই তেলেমত অনুষ্ঠিত হোৱা চতুৰ্দশ প্ৰতিষ্ঠা দিৱসত পৰিয়ালটোৱে প্ৰতিবছৰে দি অহা “শ্ৰোতা বন্ধু বঁটা”(জেষ্ঠ) তেখেতলৈ আগবঢ়াইছিল যদিও স্বাস্থ্যজনীত কাৰণত তেখেতে তথা পৰিয়ালৰ লোকে আহি বঁটা টি গ্ৰহণ কৰিব নোৱৰাৰ কথা বঁটা বাচনি সমিতিক খৱৰ পোৱা পাছদিনাই অৱগত কৰিছিল । পাছত বঁটা বাচনি সমিতিয়ে তালিকাৰ দ্বিতীয়তে নাম থকা জোনাই তেলেম ৰাঙলী মিচিং গাঁৱৰ অতি পুৰণি ৰেডিঅ’ শ্ৰোতা জয়বৰ পাংগিঙলৈ বঁটা টি আগবঢ়োৱাৰ কথা পৰিয়ালটিৰ সভাপতি সম্পাদকক অৱগত কৰিছিল আৰু পৰিয়ালৰ সৰ্ব সন্মতি ক্ৰমে জয়বৰ পাংগিঙক বঁটা টি প্ৰদান কৰিছিল। উল্লেখযোগ্য , কেইবছৰৰ পূৰ্বে জোনাই বাহিৰ বগৰিৰ পৰিয়ালটিৰ অন্য এজন মুখ্য উপদেষ্টা সোণাৰাম বৰদলৈৰ আকস্মিক মৃত্যুৰ পাছত তেখেতৰ স্মৃতিত পৰিয়ালটিৰ তৰফৰ পৰা সদৌ অসম ভিত্তিত ৰেডিঅ’ সম্পৰ্কীয় এখনি ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দৰে মঃ জালালুদ্দিন হালদাৰৰ স্মৃতি পৰিয়ালটিৰ মাজত জীয়াই ৰাখিবলৈ তেনে ধৰণৰ এক পদক্ষেপ লোৱাৰ প্ৰস্তাৱ আজি অনুষ্ঠিত হোৱা ফোন কনফাৰেন্স সভাখনত দাঙি ধৰে পৰিয়ালৰ অন্যতম উপদেষ্টা মাজুলীৰ মুন বৰা আৰু ধেমাজিৰ বিনোদ গগৈয়ে। ইফালে পৰিয়ালটিৰ বৰ্তমানৰ সভাপতি নকুল গগৈ আৰু সম্পাদক নিতু দেৱে এক প্ৰেছ বিজ্ঞপ্তি যোগে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালটিৰ সৈতে “অনাতাঁৰ মৰম পৰিয়াল”ৰ প্ৰতিজন সদস্য দুখৰ সমভাগী হোৱাৰ কথা উল্লেখ কৰি তেখেতৰ আত্মাৰ সদগতি কামনা কৰে।