প্ৰবীণ গায়িকা লতা মংগেশকাৰ কোভিড-১৯ত পজিটিভ

P.c. Pinkvilla

প্ৰবীণ গায়িকা লতা মংগেশকাৰ কোভিড-১৯ত পজিটিভ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰবীণ গায়িকা লতা মংগেশকাৰ কোভিড-১৯ত পজিটিভ হোৱাৰ পাছত মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৯২ বছৰীয়া গায়িকাগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে। তেওঁৰ ভতিজীয়ে সংবাদ মাধ্যমৰ আগত কয় যে  তেওঁৰ মৃদু লক্ষণ আছে। তেওঁক কেৱল তেওঁৰ বয়স বিবেচনা কৰি সাৱধানতামূলক কাৰণত আইচিইউত ৰখা হৈছে।