প্ৰবক্তাৰ ঘৰত শিশু নিৰ্যাতনৰ অভিযোগ
ৰঙিলী বাৰ্ত্তাসেৱা- বঙাইগাঁও চহৰৰ বীৰঝৰা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা সঞ্জীৱ বাগলাৰীৰ ভাৰাঘৰত শিশু সুৰক্ষা বিভাগৰ অভিযান। শিশু সুৰক্ষা বিভাগে প্ৰবক্তাগৰাকীয়ে কোনো আইনী প্ৰক্ৰিয়া সম্পন্ন নকৰি বেলেগৰ কন্যা শিশুক নিজৰ ঘৰত ৰখাৰ অভিযোগ লাভ কৰিছিল৷ অভিযোগ পোৱাৰ পাচতেই শিশু সুৰক্ষা বিভাগে বঙাইগাঁও আৰক্ষীৰ সহযোগত আৰু বঙাইগাঁও চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰবক্তাগৰাকীৰ ঘৰত অভিযান চলায় ৷ অভিযানৰ সময়ত দলটোৱে প্ৰবক্তাগৰাকীৰ ঘৰৰ পৰা এটি কন্যা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে কন্যা শিশুটিৰ শৰীৰত পোৱা গৈছে আঘাতৰ চিন । কি কাৰণত প্ৰবক্তা সঞ্জীৱ বাগলাৰীয়ে শিশুটিক নিজৰ ঘৰত ৰাখিছিল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বঙাইগাঁও চহৰত । শিশু সুৰক্ষা বিভাগে এই সন্দৰ্ভত বঙাইগাঁও সদৰ আৰক্ষী থানাত প্ৰবক্তা সঞ্জীৱ বাগলাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।