প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীক গুজৰাটী নাম ‘তুলসীভাই’ প্ৰদান

pc ABP News

প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীক গুজৰাটী নাম ‘তুলসীভাই’ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  গুজৰাটত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছক তুলসী ভেষজ প্ৰকল্পৰ ওপৰত আধাৰিত এটা গুজৰাটী নাম ‘তুলসীভাই’ প্ৰদান কৰে।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলনত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকৰ নাম উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মঞ্চ ভাগ বতৰা কৰি থকা বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীক ভাইৰেল ভিডিঅ’টোত হাঁহি থকা দেখা গৈছিল। “টেড্ৰোছে মোক কৈছিল ‘মই এতিয়া সম্পূৰ্ণ গুজৰাটী। মোক এটা গুজৰাটী নাম দিয়ক”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।