প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি খৰছিং ইংতিৰ দল ত্যাগ

প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি খৰছিং ইংতিৰ দল ত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা- হাওৰাঘাটৰ প্ৰাক্তন বিধায়ক তথা তৰুণ গগৈ মন্ত্ৰীসভাৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰীৰ দায়িত্ব পালন কৰা আৰু বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি খৰছিং ইংতিয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে৷ দলে অৰ্পণ কৰা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি, পাহাৰীয়া জিলাকেইখনৰ সমন্বয়ক সমিতিৰ অধ্যক্ষ আৰু সাধাৰণ সদস্যৰ পৰাও ইংতিয়ে পদত্যাগ কৰিছে৷ এই পদত্যাগ তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে কৰিছে আৰু কোনো দলতেই যোগদান নকৰে বুলি পদত্যাগ-পত্ৰত উল্লেখ কৰিছে৷ খৰছিং ইংতিৰ এই পদত্যাগে কৌতূহলৰ সৃষ্টি কৰিছে৷ কাৰণ, স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে শোচনীয় পৰাজয়বৰণ কৰাৰ পিছমুহূৰ্ততেই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ পদত্যাগ জিলাখনৰ লগতে প্ৰদেশ কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাতৰূপে বিবেচিত হৈছে৷