প্ৰথমখন টি-২০ত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে ভাৰতে

Pc Hindustan Times

প্ৰথমখন টি-২০ত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে ভাৰতে

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰথমখন টি-২০ত ভাৰতে ৱেষ্ট ইণ্ডিজক ৬৮ ৰাণত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰতে ১৯০/৬ ৰাণ সংগ্ৰহ কৰে। অধিনায়ক ৰোহিত শৰ্মাই ৪৪ টা বলত ৬৪ ৰাণ কৰি সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে আৰু দিনেশ কাৰ্তিকে ১৯ বলত ৪১ ৰাণ সংগ্ৰহ কৰে।ৱেষ্ট ইণ্ডিজৰ হৈ আলাজাৰি জোছেফে ৪৬ ৰাণত ২ উইকেট লাভ কৰে।  ভাৰতে ৱেষ্ট ইণ্ডিজক ২০ অভাৰত ৮ উইকেটত ১২২ ৰাণত সীমিত ৰাখে আৰু ৰবিচন্দ্ৰন অশ্বিন, ৰবি বিষ্ণোই আৰু অৰ্শদীপ সিঙে দুটাকৈ উইকেট দখল কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ শ্বামাৰ ব্ৰুকছে সৰ্বাধিক ২০ ৰাণ সংগ্ৰহ কৰে।