প্ৰতিশ্ৰুতি- হিমাদ্ৰী বৰকটকী

pc Salesforce

প্ৰতিশ্ৰুতি

হিমাদ্ৰী বৰকটকী,
নগাঁও

কিয় দিছিলা তুমি মোক প্ৰতিশ্ৰুতি ?
অথাই সাগৰত এৰি
বঠা নোহোৱা নাওঁৰ দৰে
ককবকাই আছো মই
তুমি জানানে ?
তোমাক লৈ মই ৰচিছিলো সপোঁন
সেই সপোনবোৰ
আধৰুৱা হৈ ৰৈ গ’ল
উচুপি উঠে বুকুখন
যেন এজাক ধুমুহা পাৰ হৈ গ’ল
স্মৃতি হৈ ৰ’ল সেই ক্ষণবোৰ
হৃদয়ৰ এটি কোনত ৰৈ গ’ল
এই সপোনবোৰ
ক’ত গ’ল তোমাৰ এই প্ৰতিশ্ৰুতি ?
যানানে তুমি ?
এতিয়া মই জ্বলি জ্বলি
জিয়াই আছোঁ
এখনি ঠান-বান হৃদয় লৈ
তথাপি হৃদয়ৰ এটি কোনত
থাকিবা তুমি সদায় স্মৃতি হৈ।