প্ৰতিভাসম্পন্ন অভিনেতা ৰাজীৱ ৰাজনীশৰ অকাল বিয়োগ

প্ৰতিভাসম্পন্ন অভিনেতা ৰাজীৱ ৰাজনীশৰ অকাল বিয়োগ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া ছবিজগতৰ বাবে এক দুঃখবৰ। প্ৰতিভাৱান অভিনেতা ৰাজীৱ ৰাজনীশৰ মঙলবাৰে অকাল বিয়োগ হয়। যোৱাকালি মহানগৰীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা ৰাজীৱ ৰাজনীশে।খবৰ অনুসৰি, যোৱা ২৮ জানুৱাৰীত শ্বুটিং শেষ কৰি ঘৰলৈ উভতাৰ পথত বশিষ্ঠৰ সমীপত এক দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈ চিকিৎসালত চিকিৎসাধীন হৈ আছিল সুদৰ্শন তথা প্ৰতিভাৱান অভিনেতা ৰাজীৱ ৰাজনীশ।কিন্তু জীৱন-মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ৰাজীৱ ৰাজনীশে। চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে হঠাৎ অকাল মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীয়ে।উল্লেখযোগ্য যে, বহু অসমীয়া ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল ৰাজনীশে। লগতে ভ্ৰাম্যমাণ জগততো নিজৰ বলিষ্ঠ অভিনয়েৰে অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে।বিশেষকৈ খলনায়কৰ চৰিত্ৰত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে জনপ্ৰিয় আছিল ৰাজীৱ ৰাজনীশ। শেহতীয়াকৈ ৰাজীৱক যতীন বৰাৰ ‘ৰাঘৱ’ চলচ্চিত্ৰখনত খলনায়কৰ এটা বলিষ্ঠ চৰিত্ৰ ৰূপায়ণ কৰা দেখা গৈছিল।ৰাজীৱ ৰাজনীশৰ ঘৰ নগাঁৱৰ কৰৈয়নিত। অভিনেতাগৰাকীৰ মৃত্যুয়ে শোকৰ ছাঁ পেলাইছে অসমীয়া চলচ্চিত্ৰ জগতত।