প্ৰতিখন বিহু কমিটিয়ে লাভ কৰিব চৰকাৰী মাননি
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিখন বিহু কমিটিয়ে লাভ কৰিব চৰকাৰী মাননি ৷ বিহু কমিটিৰ মাননিত নিৰ্বাচন আয়োগৰ বাধা নাই ৷ নিৰ্বাচন আয়োগৰ গ্ৰীণ চিগনেল বিহু কমিটিৰ মাননি প্ৰদানত ৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি তৃতীয়বাৰৰ বাবে প্ৰতিখন বিহু কমিটিয়ে লাভ কৰিব চৰকাৰী মাননি ৷ বিগত দুবছৰে প্ৰতিখন বিহু কমিটিলৈ চৰকাৰে প্ৰদান কৰি অহা ডেৰ লাখ টকাৰ মাননিৰ সমান্তৰালকৈ এইবাৰো প্ৰদান কৰিব মাননি ৷ যদিওবা দেশত নিৰ্বাচনী অধিসূচনা আছে ৷ আৰু নিৰ্বাচনী অধিসূচনাৰ বাবে চৰকাৰে প্ৰদান কৰা বিহু কমিটিৰ মাননীত বাধা অহা সম্ভাৱনা দেখিছিল চৰকাৰে ৷ যাৰ বাবে ৰাজ্যৰ ৰাজ্যপালে নিৰ্বাচন আয়োগক প্ৰদান কৰিছিল এক আবেদন ৷ আৰু আবেদনৰ পিছতে ৰাজ্য চৰকাৰলৈ সঁহাৰি দেশৰ নিৰ্বাচন আয়োগৰ। পূৰ্বে প্ৰদান কৰি অহা ২৩০৬ খন বিহু কমিটিৰ মাননিত আপত্তি নাই ৷ পূৰ্বে প্ৰদান কৰা ডেৰ লাখ টকা প্ৰদান কৰিব লাগিব প্ৰতিখন কমিটিক। দেশৰ নিৰ্বাচন আয়োগে চৰকাৰলৈ দিয়া গ্ৰীণ চিগনেলৰ পিছত এতিয়া মুখত হাঁহি বিৰিঙিছে প্ৰতিখন সমিটিৰ ৷ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থা চৰকাৰী এই সংকেতে বিশেষকৈ আশাৰ বতৰা কঢ়িওৱা বুলি মন্তব্য গীতানগৰ বিহু সন্মিলনৰ উদ্যোক্তাৰ ৷