প্ৰখ্যাত গায়িকা নিৰ্মলা মিশ্ৰৰ মৃত্যু

Pc The Janambhumi

প্ৰখ্যাত গায়িকা নিৰ্মলা মিশ্ৰৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰখ্যাত গায়িকা নিৰ্মলা মিশ্ৰৰ কলকাতাৰ চেতলা অঞ্চলৰ নিজা বাসভৱনত মৃত্যু হয়৷ দীৰ্ঘদিনৰ পৰা গায়িকাগৰাকীয়ে বাৰ্ধক্যজনিত ৰোগৰ সৈতে যুঁজি আছিল৷ শনিবাৰে নিশা ১২-০৫ মান বজাত মিশ্ৰ হৃদৰোগত আক্ৰান্ত হয় আৰু তেওঁক ওচৰৰে এখন চিকিৎসালয়লৈ লৈ যোৱা হৈ যদিও চিকিৎসালয়ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়৷ ১৯৩৮ চনত পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ মাজিলপুৰত নিৰ্মলা মিশ্ৰৰ জন্ম হৈছিল৷ পাছত তেওঁ পৰিয়ালৰ সৈতে কলকাতাৰ চেতলা অঞ্চলত থাকিবলৈ লয়৷ মিশ্ৰই অসমীয়া, বাংলা আৰু ওড়িয়া ভাষাত বহু যুগজয়ী গীতত কণ্ঠদান কৰিছিল৷ ওড়িয়া সংগীতলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেওঁক সংগীত সুধাকৰ বালকৃষ্ণ দাস বঁটা আগবঢ়োৱা হৈছিল৷ মিশ্ৰ অসমীয়া, বাংলা আৰু ওড়িয়া গীতৰ এগৰাকী শ্ৰদ্ধেয় আৰু আদৰৰ গায়িকা আছিল৷ অসমীয়া চলচ্ছিত্ৰ ‘ডক্তৰ বেজবৰুৱা’, ‘বনৰীয়া ফুল’, ‘বৃষ্টি’, ‘নতুন আশা’, ‘ফাগুনী’, ‘নিয়তি’ আদিৰ গীতত কণ্ঠদান কৰিছিল৷ তেওঁ কণ্ঠদান কৰা জনপ্ৰিয় গীতবোৰ হ’ল ‘ডক্তৰ বেজবৰুৱা’ৰ ‘কি নাম দি মাতিম’, ‘ফুল ফুল ফুল’, ‘বৃষ্টি’ৰ ‘তুলসীৰ তলে তলে’, ‘ফাগুনী’ৰ ‘মইনা চৰাইটি’, ‘বনৰীয়া ফুল’ৰ ‘কি কৰোঁ কি কৰোঁ’, ‘নিয়তি’ৰ ‘এই লগনত ক’লোঁ’, ‘নতুন আশা’ৰ ‘যদি মিলোঁ মই’ আদি৷