প্ৰকৃতিৰ অমূল্য সম্পদ- “ফুলনিবাৰী”
ৰুমী কলিতা দত্ত, ডিব্ৰুগড়
এখন ফুলনিবাৰীয়ে আমাক বৰ প্ৰশান্তি দিয়ে। ফুল প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক । পূজা-অৰ্চনা,বিয়া-বাৰু আৰু সমাজৰ প্ৰায়বিলাক কামতেই ফুলৰ প্ৰয়োজন হয়। দৌল-দেৱালয়,দোকানৰ সন্মুখত,ঘৰৰ সন্মুখত বা ঘৰৰ প্ৰতিটো কোঠাত ফুলৰ টাব ৰাখি শুৱনি কৰা হয়।গোলাপজল আৰু আঁতৰ প্ৰস্তুত কৰিবলৈও ফুলৰ প্ৰয়োজন হয়।শৰতৰ আগমন হোৱাৰ লগে লগে প্ৰকৃতিয়ে বৰণ সলায়।প্ৰকৃতিয়ে নৱৰূপ ধৰে।বৰ্ষাৰ ধাৰাসাৰ বৰষুণ, গ্ৰীষ্মৰ প্ৰখৰ ৰ’দত প্ৰকৃতিও জুৰুলা হয় সেয়ে শৰত আহিলেই প্ৰকৃতি ফুলেৰে সজাবলৈ সাজু হয়।এই প্ৰকৃতিক ৰূপ-ৰস- গন্ধেৰে বিয়পাবলৈ আমিও যত্ন কৰি আহিছোঁ।আমি সকলোৱে বিভিন্ন উপায়েৰে ফুলবোৰ জীয়াই তোলো।কেতিয়াবা গুটি সিচি ,কেতিয়াবা কাটিং কৰি, কাটিং বা শাখা কলম, মুকুলন বা বাড্গ্ৰাফটিং, জোপা কলম বা এয়াৰ লেয়াৰিং পদ্ধতিৰে বাগিচাখন সজাই তোলা হয় ।পুলিবোৰ উঠাই আনি ঠায়ে ঠায়ে ৰোপন কৰিব লাগে ।সময়মতে সাৰ-পানী যোগান ধৰি থাকিব পাৰিলে ভাল । মন কৰিব লাগে যে সাৰ বিলাক গুৰিক পৰাকৈ দিব নালাগে।পচনসাৰ প্ৰয়োগ কৰিব।ঠাইখনত ছাঁ আৰু ৰ’দ সমানে পালে ফুলৰ জেউতি চৰে ।আমি সকলোৱে এখন ফুলৰবাৰী পাতিলে ঘৰখন শুৱনি হোৱাৰ লগতে চৌপাশ সুন্দৰ হ’ব। প্ৰতিঘৰতে এনে এখন বাৰী অকণমান থাকিলে গাঁওখন শুৱনি হৈ পৰিব।বিভিন্ন ৰং-ৰূপেৰে আনন্দৰ বন্যা বোৱাব।আমি প্ৰতিঘৰ মানুহেই যদি নিজৰ পদূলিমুখখন বাৰীৰ ইটো মূৰৰ পৰা সিটো মুৰলৈ চাফ-চিকুণকৈ ৰাখি এখন ফুলনিৰ বাগিচা পাতোঁ তেন্তে কিমান ধুনীয়া লাগিব ভাবকচোন।লগতে আলিবাটোও চাফ-চিকুণ হৈ পৰিব। প্ৰতিঘৰ মানুহেই কিন্তু এই পদক্ষেপ ল’ব লাগিব তেতিয়াহে পৰিবেশ সুন্দৰ হ’ব।গতিকে আহকচোন আমি সকলোৱে খন্তেক সময় উলিয়াই এটি সুন্দৰ মনৰ দৰে ঘৰখনো সুন্দৰ কৰি তোলোঁ।এনে এটি পৰিবেশে আমাৰ মৰতত সৰগ ৰচিব।