প্লাষ্টিক চাৰ্জাৰি – নাজবিন চুলতানা

প্লাষ্টিক চাৰ্জাৰি

নাজবিন চুলতানা, শিৱসাগৰ

সৌন্দৰ্য চৰ্চাৰ আজিৰ সময়ত ব্যাপক প্ৰাধান্য বৃদ্ধি পাইছে । সাধাৰণতে ৰূপ-গুণ হৈছে যি ভগৱান বা আল্লাৰ সৃষ্টিৰ দান, এই বিশ্বাসক পিছ পেলাই বৈজ্ঞানিক প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰে কৃত্ৰিমতাক প্ৰাধান্য দি ৰূপ চৰ্চাৰে প্ৰকৃতিপ্ৰদত্ত বা ভগৱান সৃষ্ট সৌন্দৰ্যক ইচ্ছাকৃতভাৱে ৰূপ লাভ কৰিছে । বৰ্তমান সময়ত প্লাষ্টিক চাৰ্জাৰিৰ প্ৰসাৰতা বৃদ্ধি পোৱা দক্ষিণ কুৰিয়াৰ লগতে অন্যান্য দেশসমূহৰ উপৰি ভাৰততো ইয়াৰ চৰ্চা বৃদ্ধি পাব ধৰিছে ।এই প্ৰক্ৰিয়া কেৱল মহিলাই নহয় পুৰুষেও আকোঁৱালি লৈছে ।এই প্লাষ্টিক চাৰ্জাৰি প্ৰকৃততে কি হয় আৰু মানৱ জীৱনত ইয়াৰ প্ৰভাৱ সম্পৰ্কে জানো আহক :- প্লাষ্টিক শব্দটো গ্ৰীক শব্দ “Plastikos” ৰ পৰা আহিছে আৰু গ্ৰীক ভাষাত “plastikos” ৰ অৰ্থ হৈছে আকাৰ দিয়া বা তৈয়াৰ কৰা । এই প্লাষ্টিক চাৰ্জাৰিৰ আৰম্ভণি হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ (১৯১৪) পৰা।যেতিয়া আঘাতপ্ৰাপ্ত সৈনিকৰ সুস্থতাৰ বাবে “হে’ৰাল্ড গিলীজ “য়ে এই প্ৰক্ৰিয়াৰ সূচনা কৰিছিল।হে’ৰাল্ড গিলীজে প্লাষ্টিক চাৰ্জাৰি আৱিস্কাৰ কৰি চিকিৎসা বিজ্ঞানৰ এক উন্নতমানৰ ইতিহাসৰ আৰম্ভণি ঘটালে।প্লাষ্টিক চাৰ্জাৰিৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰিবলৈ ১৮ বছৰ অৰ্থাৎ প্ৰাপ্তবয়স্ক হোৱাটো জৰুৰী। এই প্ৰক্ৰিয়াৰে মানুহৰ শৰীৰ আকৰ্ষণীয় তথা নতুনত্বৰ ৰূপ প্ৰদান কৰে।প্লাষ্টিক চাৰ্জাৰিৰ জৰিয়তে শৰীৰৰ কোনো অংশ বেয়া হ’লে সুস্থ ৰূপ দিবলৈ বা কোনো অংশৰ সৌন্দৰ্য বঢ়াবলৈ নিতম্বৰ ওচৰৰ ছাল উলিয়াই সেই বেয়া হোৱা বা সৌন্দৰ্যতাৰ গুণ বঢ়াবলে বিচৰা অংশত লগোৱা হয়।এই প্ৰক্ৰিয়াক কোৱা হয় “Skin Grafting” । চাৰ্জাৰিয়ে কিছু এনে লোকৰ জীৱনলৈ সু প্ৰভাৱ কঢ়িয়াই আনে যিবোৰ দুৰ্ঘটনাত কোনো অংগৰ ক্ষতি হোৱা,জন্মগত কোনো শৰীৰৰ অংগত বিকৃতি ঘটা, এনে কিছুমান লোক যিবোৰ জুইয়ে পুৰি নষ্ট কৰা অংশৰ সুস্থ ৰূপ,কেন্সাৰ ৰোগীৰ কোনো শৰীৰৰ অংগ হাড় ওলোৱা অৱস্থাত পূৰ্ণ কৰা , বয়সৰ চাপ পৰি ছাল শোটোৰা হোৱা অৱস্থা , সৌন্দৰ্য বঢ়াবলৈ নাক,ওঁঠ,চকু,গাল আদিৰ ইচ্ছানুযায়ী ৰূপ দিয়া আদি ।আজিৰ সময়ত প্লাষ্টিক চাৰ্জাৰিৰ আগতীয়া চিকিৎসা(Advance treatment) ও প্ৰচলিত আছে ।য’ত কোনো ধৰণৰ অপাৰেশ্যন নকৰাকৈ বেজিৰ(Injection) জৰিয়তে মাত্ৰ চিলিকনত সেই অংশত মিলাব লাগে যি অংশ আৰোগ্য কৰিব বিচাৰিছে ।

প্লাষ্টিক চাৰ্জাৰি প্ৰকাৰ বহুতো তাৰ ভিতৰত মূলতঃ দেখা গৈছে –
১) Microsurgery
২) Reconstructive surgery
৩) Cosmetic surgery

Microsurgery – শৰীৰৰ যিকোনো অংগ নষ্ট হ’লে ,দেহৰ মূৰৰ চুলিৰ পৰা আদি কৰি ভৰিৰ নখৰলৈকে প্লাষ্টিক চাৰ্জাৰিৰ ব্যৱস্থা আছে ।দেহৰ হাড় ,মাংস,সিৰা আদিৰ ক্ষেত্ৰত Microsurgery ব্যৱহাৰ হয়।

Reconstructive surgery- শৰীৰৰ বিকৃতি অংগৰ সঠিক ৰূপ দিয়া Reconstructive surgery ৰ দ্বাৰা।

Cosmetic surgery- ঈশ্বৰ প্ৰদত্ত চেহেৰাক অধিক সুন্দৰ কৰাৰ প্ৰচেষ্টাত ব্যৱহাৰ হয় Cosmetic surgery । নাকৰ আকৃতি দিয়া, চকু ,হাড়,বয়সৰ চাপ পৰা অৱস্থা , দেহৰ ডাঙৰ অংশৰ আকাৰ সৰু কৰা সৰু অংশৰ আকাৰ ডাঙৰ ৰূপ দিয়া,জ্বলি যোৱা অংগৰ সুস্থ ৰূপ দিয়া আদিৰ ক্ষেত্ৰত প্ৰয়োগ হয় Cosmetic surgery ৰ ।

প্লাষ্টিক চাৰ্জাৰিৰ ব্যৱহৃত আন আন চাৰ্জাৰিসমূহৰ ভিতৰত অন্যতম-

লিপ প্লাষ্টিক – ওঁঠৰ সৌন্দৰ্য তথা ইচ্ছানুযায়ী দিয়া ৰূপৰ চাৰ্জাৰি হৈছে লিপ প্লাষ্টিক চাৰ্জাৰি ।

আই প্লাষ্টিক -প্ৰকৃত ৰূপৰ উপৰি চকুৰ ওচৰে-পাজৰে থকা অধিক দ যুক্ত অংশ বা ছাল আঁতৰাবলৈ কৰা চাৰ্জাৰি ।

লিপ’চেক্সন চাৰ্জাৰি – মানৱ শৰীৰৰ অতিৰিক্ত চৰ্বী কমাবলৈ এই চাৰ্জাৰি প্ৰয়োগ কৰা হয়।

প্লাষ্টিক চাৰ্জাৰিয়ে বহুতো লোকক নতুন জীৱন দিছে । কিন্তু ফলপ্ৰসু চাৰ্জাৰিৰ মূল্য বহুত।কম মূল্যৰ চাৰ্জাৰিয়ে অংগত কু প্ৰভাৱ পেলাব পাৰে। চাৰ্জাৰি কৰাৰ পাছত কোনো অংগ ক্ষতি বা নষ্ট হ’লে ডাক্তৰ-নাৰ্চ কাৰোৰ বিৰুদ্ধে গোচৰ কৰিব নোৱাৰিব। চাৰ্জাৰি অসাৱধানীয়তা যেনে: চাৰ্জাৰিৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব,চিকিৎসালয়ৰ চিনাক্তকৰণ ,আদিৰ সাৱধানতা অৱলম্বন কৰাতো নিতান্তই আৱশ্যক কিয়নো চাৰ্জাৰিৰ পাছত শৰীৰত তেজৰ পৰিমাণ কমি যোৱা ,চাৰ্জাৰি কৰা অংগৰ ক্ষতিকাৰক ,নাৰ্ভৰ ক্ষতি আদিৰ দৰে কু প্ৰভাৱ পৰিব পাৰে।সেইবাবে চাৰ্জাৰি কৰাৰ আগত ইয়াৰ প্ৰয়োজনীয়তা নিজৰ শৰীৰৰ সঠিক স্থিতি ,বৃহৎ মূল্যৰে বিশেষ ডাক্তৰৰ দ্বাৰা উত্তম চিকিৎসাৰে প্লাষ্টিক চাৰ্জাৰি কৰা উচিত । চাৰ্জাৰিৰ পূৰ্ণৰূপ ফলপ্ৰসূ চিকিৎসা ভাৰতৰ দিল্লীত প্লাষ্টিক চাৰ্জাৰিৰ বাবে সকলোতকৈ উত্তম ঠাই বুলি কোৱা হয়। ভাৰতৰ ৰাজধানী দিল্লী হোৱা হেতুকে দিল্লীত প্লাষ্টিক চাৰ্জাৰিৰ বাবে সকলোতকৈ ভাল ডাক্তৰ আৰু ক্লিনিকৰ ব্যৱস্থা আছে । দিল্লীত প্লাষ্টিক চাৰ্জাৰি কৰোৱাৰ বাবে ৩০,০০০ ৰ পৰা ৫ লাখ লৈকে মূল্য লোৱা হয়।চাৰ্জাৰি বাৰে বাৰে কৰোৱাতো বিপদজ্জনক।প্লাষ্টিক চাৰ্জাৰিৰ ব্যৱহাৰ বিশেষকৈ জনপ্ৰিয়তাৰ বাবে ,মেডিয়া,মডেলিং,চিনেমা জগতৰ আদিৰ লোকসকলেই প্ৰায় ব্যৱহাৰ কৰা দেখা যায়। এইক্ষেত্ৰত বিশেষকৈ বলিউড চিনেমা জগতৰ বহুকেইজন অভিনেতা-অভিনেত্ৰীয়ে এই প্ৰক্ৰিয়া প্ৰয়োগেৰে ইচ্ছাকৃতভাৱে সৌন্দৰ্যতা বৃদ্ধি কৰা দেখা যায় । তাৰ ভিতৰত অন্যতম প্ৰধানকৈ :- মাধুৰী দীক্ষিত,দিপিকা পাদুকন,অনুস্কা শৰ্মা,কংগনা ৰনৌত,প্ৰীতি জিন্দা,জেকলিন ফৰ্নাডিচ,বিপাশা বসু,জানৱী কপোৰ,ৱানী কপোৰ,শ্ৰুতি হাচান,কেট্‌ৰিনা কেফ্‌,চিল্পা চেত্ৰী আদি । এইদৰে প্লাষ্টিক চাৰ্জাৰি আজিৰ সময়ত অসাধাৰণ দ্ৰুত আধুনিকতাৰ বৈজ্ঞানিক সৃষ্টি হিচাপে স্থান পাই আহিছে ।