প্রৌঢ়
মিহিৰ মৌচুম ৰয়
কোনোবাই যদি মোক সোধে-
এতিয়া কবিতা লিখেনে?
আকাশলৈ আঙুলিয়াই কওঁ,
বেলি লহিয়াবলে হ’ল
আন্ধাৰে চুব পৰাৰ আগতেই
চৰাইজাক বাঁহত সোমাল
চুটি চুটি মৰমেৰে
মাকে পোৱালীজাকক বুকুত সুমুৱাই ললে
দুপৰৰ ৰদেৰে হাত সেঁকি
বুটলি লোৱা গাভৰু নৈৰ শব্দবোৰ
বিয়লিৰ ছাঁত লুকাল
এতিয়া সন্ধিয়া নামিবলে হ’ল
আকৌ পথাৰ বিচাৰি উভতি আহিবলৈ
সূর্য্যই জানো বাট বিচাৰি পাব?