প্রধানমন্ত্রী আবাস যোজনা-গ্রামীণ আঁচনিৰ প্রথম কিস্তিৰ ধন ত্ৰিপুৰাৰ হিতাধিকাৰীলৈ হস্তান্তৰ

Pc- Utlie24

প্রধানমন্ত্রী আবাস যোজনা-গ্রামীণ আঁচনিৰ প্রথম কিস্তিৰ ধন ত্ৰিপুৰাৰ হিতাধিকাৰীলৈ হস্তান্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় গ্রামোন্নয়নমন্ত্রী গিৰিৰাজ সিং আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ উপস্থিত থকা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ’ কনফাৰেঞ্চযোগে প্রধানমন্ত্রী আবাস যোজনা-গ্রামীণ (পিএমএৱাই-জি) আঁচনিৰ প্রথম কিস্তিৰ ধন ত্ৰিপুৰাৰ ১.৪৭ লাখ হিতাধিকাৰীলৈ হস্তান্তৰ কৰে। কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি পি এম এ ৱাই ইউৰ অধীনত ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ পাৰদৰ্শিতা দেখুওৱা ৰাজ্য হিচাপে বিবেচিত হৈছিল। ইয়াৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে পি এম এ বাই-জি আঁচনিৰে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ লোকৰ জীৱন উন্নীত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰে। গ্রামাঞ্চলৰ অতি দুখীয়া গৃহহীন লোকক পকী বাসগৃহ প্ৰদানৰ লক্ষ্যৰে পি এম এ বাই-জি আঁচনি বলবৎ কৰা হৈছে।