পৌৰ সভাৰ মেয়ৰ মৃগেণ শৰণীয়াৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- পৌৰ সভাৰ মেয়ৰ মৃগেন শৰনীয়া,পৌৰ নিগম আয়ুক্ত মেঘা নিধি ডাহাল আৰু ডেপুটী মেয়ৰ স্মিতা ৰয়ে ব্যৱসায়িক অনুজ্ঞাপত্ৰ সম্পৰ্কত এখন সংবাদ মেল অনুষ্ঠিত কৰে। ৭ হাজাৰ প্ৰকাৰৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। আৰু এই অনুজ্ঞাপত্ৰ হ্ৰাস কৰি ১২০ খনলৈ অনা হৈছে। এজন ব্যৱসায়ীয়ে কেইবাটাও ব্যৱসায় কৰিলেও এখন অনুজ্ঞাপত্ৰৰ ভিতৰতে অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য বান্ধি দিয়া হ’ব।সৰু সৰু ব্যৱসায়ীয়ে ১৭০০ টকাৰ বিপৰীতে ১ হাজাৰ টকা দি পুনৰ পঞ্জীয়ন কৰিব পাৰিব। ৫ লাখ টকাৰ তলত থকা ব্যৱসায় থকা সকলে ১৭০০ টকাৰ অনুজ্ঞাপত্ৰ ল’ব লাগিব।আজিৰ পৰা নতুন আৰু পুনৰ পঞ্জীয়ন ব্যৱস্থা আৰম্ভ কৰা হ’ব। পাৰ্কিঙৰ ক্ষেত্ৰত ১ জুনৰ পৰা দুচকীয়া আৰু তিনিচকীয়া বাহনৰ মাচুল সংগ্ৰহ কৰিব নোৱাৰিব।মহানগৰীৰ লেচি মাৰ্কেটত মহিলা বা জনজাতীয় মহিলা সকলৰ ব্যৱসায়ীৰ পৰা লেচিয়ে কোনো কৰ লব নোৱাৰিব। সেই সকল মহিলাক এখন পৰিচয় পত্ৰ দিয়াৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। হৰ্ডিঙৰ ক্ষেত্ৰতো পৌৰ নিগমে কঠোৰ ব্যৱস্থা লব। ব্যৱসায়িক অনুজ্ঞাপত্ৰ অপব্যৱহাৰ কৰি অনিয়ম সংঘটিত কৰিলে কঠোৰ ব্যৱস্থা লোৱা হব। এই সংবাদ মেলত সংবাদ কৰ্মীৰ লগতে কৰ্মকৰ্তা সহ প্ৰায় ৪৫ গৰাকী ব্যক্তি উপস্থিত আছিল৷