পৌৰাণিক কথা অনুসৰি কালি পূজাৰ কাহিনী
পূজা সমূহৰ কিছুমান ৰহস্যময়ী বা মুখে মুখে চলি অহা কথা থাকে । তাৰে ভিতৰত কালি পূজাৰো এটা কাহিনী আছে। কালি পূজা দেৱালী আগদিনা হয়। যাক নৰক চতুদৰ্শী বুলিও কোৱা হয়। ৰক্তবীজ পৌৰাণিক কথাৰ এটা অসুৰ যাৰ মূৰৰ ওপৰত ব্ৰক্ষ্মাৰ হাত আছিল। ৰক্তবীজে এক অভুদ্ভ বৰদান লাভ কৰিছিল। যেতিয়া তাৰ গাৰ পৰা তেজৰ টোপাল মাটিত পৰিব তাৰ পৰা আৰু এটা ৰুক্তবীজৰ জন্ম হ’ব। সেইকাৰণে ৰুক্তবীজে যুদ্ধত কাহানিও পৰাজয় বৰণ কৰা নাছিল। মহাশক্তি শালী আছিল। আৰু দেৱী সকলক পাবৰ বাবেও স্বৰ্গত বাস কৰিছিল। ৰুক্তবীজ স্বৰ্গলৈ গৈ দেৱ- দেৱী ওপৰত আক্ৰমণ কৰিছিল। সকলোৱে বাধ্যত পৰি নিজক বচাবলৈ তাৰ পৰা পলায়ণ কৰিব লগা হ’ল। কিন্তু ৰুক্তবীজে দেৱী সকলৰ প্ৰতি মোহিত হৈ পিছে পিছে গৈ থাকিল। দেৱী – দেৱতা সকল চিন্তাত পৰি কৈলাশ পৰ্বত পালেগৈ । আৰু দেৱী পাৰ্বতীক সকলোবোৰ কথা ক’লে । দেৱী পাৰ্বতীয়ে সকলোকে পিছলৈ যাবলৈ ক’লে আৰু নিজেই ৰুক্তবীজৰ লগত যুদ্ধ কৰিবলৈ ৰুক্তবীজৰ সন্মুখত থিয় হৈ ৰ’ল। ৰুক্তবীজ যেতিয়া কৈলাশ পায় পাৰ্বতীক দেখিলে তেতিয়া ৰুক্তবীজ পাৰ্বতীৰ ওপৰত মুগ্ধ হৈ গ’ল। দেৱী পাৰ্বতীয়ে অসুৰটোক উভতি যাবলৈ আদেশ দিছিল। আৰু ৰুক্তবীজে হাঁহিলে আৰু দেৱী পাৰ্বতীৰ ফালে আগবাঢ়িবলৈ ধৰিলে। দেৱীয়ে সন্মুখত থকা মহাদেৱৰ ত্ৰিশূল উঠালে আৰু ৰুক্তবীজক প্ৰহাৰ কৰিলে। পৰিণাম স্বৰূপে ৰুক্তবীজৰ শৰীৰৰ পৰা তেজ ওলাবলৈ ধৰিলে। ব্ৰক্ষ্মাৰ বৰদান অনুসৰি তেজৰ এটা এটা টোপালৰ পৰা এটা এটা ৰুক্তবীজৰ জন্ম হ’ল। এইবোৰ দেখি দেৱীৰ অধিক খং উঠিল আৰুতাত থকা গোটেইকেইটা ৰুক্তবীজৰ ওপৰত আক্ৰমণ কৰিলে। তাৰ পৰা আকৌ বহুতো ৰুক্তবীজৰ জন্ম হ’ল। দেৱী পাৰ্বতী খংঙে আকাশ চুবলৈ ধৰিলে।দেৱী পাৰ্বতীয়ে নিজৰ খংঙৰ ওপৰত কাবু ৰাখিব পৰা নাছিল। যেতিয়া দেৱীৰ খংঙে সীমা অতিক্ৰম কৰিলে তেতিয়া শৰীৰ ক’লা হ’বলৈ চকু তেজেৰে ৰঙা হৈ গ’ল। আৰু ভয়ানক ৰূপ ল’লে গোটেই বিশ্ব এই ভয়ংকৰ ৰূপৰ চিঞৰ শুনি কপি উঠিল। সেইৰাক্ষক ৰুক্তবীজ দেৱী ওচৰতে ৰৈ থাকোঁতে দেৱী গৰ্জন শুনিয়ে ভষ্ম হৈ গ’ল। বাঘৰ ছাল পিন্ধি , হাতত প্ৰতিশোধৰ তৰোৱাল লৈ , নৰমুণ্ডৰ মালা পিন্ধি মহাকালিৰ আৱিভাব হ’ল। ইমানেই ভয়ানক আছিল যে ৰুক্তবীজে ভয় কৰি পলাবলৈ ধৰিলে। মাকালিয়ে ভয়ানক গৰ্জন কৰি ৰুক্তবীজক খেদি গ’ল। কালি মায়ে শক্তিশালী প্ৰহাৰ কৰিলে আৰু এটা এটা কৰি অসুৰক ফালিবলৈ ধৰিলে । আৰু তাৰ পৰা আকৌ বহুতো ৰুক্তবীজৰ জন্ম হ’ল। মা কালি খংত গোটেই বিশ্ব জ্বলিবলৈ ধৰিলে । মা কালিয়ে এটা হাতেৰে ৰুক্তবীজৰ চুলিত ধৰি মূৰটো কাটিলে । আৰু লগে লগে এটা ঘটত মূৰটো ৰাখিলে যাতে তেজৰ টোপাল এটাও মাটিত পৰিব নোৱাৰে । তাৰ পিছত ৰুক্তবীজৰ শৰীৰটো খাই পেলালে। আৰু যিমানবোৰ ৰাক্ষক আছিল। সেইবোৰো এটা এটাকৈ মা কালি মুখৰ ভিতৰত সোমাই গ’ল। এনেদৰেই অসুৰৰ ৰজা ৰুক্তবীজৰ বধ হ’ল।
সংযুক্তা দত্ত