অণুগল্প
পোহৰ দেখা দিনটো এন্ধাৰ হ’ল
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
ৰাতিপুৱাই জুৰিয়ে ফোনটো হাতত লৈ সেমেকি উঠিছে , মেছেজৰ নটিফিকেচনবোৰ চাই। পৃথিৱীৰ পোহৰ দেখা দিনটোৰ শ শ শুভেচ্ছা – শুভকামনাবোৰে তাইৰ বুকুখনত বিষাক্ত কীট হৈ কামুৰিছে। উশাহবোৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে , কিয়নো এই দিনটো তাইৰ বাবে এতিয়া অৰ্থহীন ; বঠা নথকা এখন নাও সদৃশ! তাই টেবুলত থকা মাকৰ ফটোখন বুকুত সাৱটি লৈ মা – মা গোন্ধ অনুভৱ কৰি মনত এপাহাৰ কষ্টৰ বোজা লৈ ; ওঁঠ দুটি কামুৰি বিদ্যালয়লৈ বুলি ওলাই গ’ল…।