পোহৰৰ ছাঁ
– জয়ন্ত শৰ্মা
উমি উমি জ্বলি আছে জীৱন জুমুঠি
ক্ষণ জ্বলি গৈ থাকে ধোৱাঁ হৈ বৈ থাকে
জ্বলন্ত সময় গাঁঠা জীৱনৰ স্থিতি
তলসৰা সোঁৱৰণ দুহাতে দুমুঠি।
সাঁচি যাওঁ খাপে খাপে, জাপি যাওঁ জাপে জাপে
থোপাথোপ হাবিয়াস লেচেৰি বোটলা,
সফল বিফল কিম্বা উপেক্ষিত জীৱনৰ
সোণৰ মুকুটা মনি, দুখৰ টোপোলা।
আশাৰ টুকুৰাবোৰে জীৱন জুৰুলা কৰে
অভিজাত অভিসাপ নিৰাশাৰ নাও
দিন ৰাতি একাকাৰ সপোনৰ বঠা সাজো
কিজানিবা উৱাদিহ পাৰাপাৰ পাওঁ।
বুকুতে সাজিলো মই আলফুল গোপন কুঠৰী
গোন্ধ পাওঁ ৰূপৱতী কাষতে দোভাগ ৰাতি
ছাই হোৱা সময়ৰ সুবাস সুৱঁৰী,
উশাহত লোমালোম মনোৰম হৃদয় দাপোণ
নিশাহ সুগন্ধি কৰা শেৱালী সপোন।
সৰু সৰু দুভৰিত ৰূপৰ জুনুকা বাজে
ৰ’দ সনা বৰষুণ, সাগৰীয় বা,
দিওঁ কি নিদিওঁ খোজ হেঙুলীয়া পদুলীত
আন্ধাৰৰ মাজে মাজে পোহৰৰ ছাঁ।
মনত জ্বলালো চাকি উশাহক পোহৰাই
কলিজাক তপতাওঁ বুলি,
প্ৰাচীন বৰফ গলি নদী বব’ লয়লাস
দিপলীপ সোণৰ পুতলী।
ৰূপোৱালী দলিচাত সোণোৱালী উচাহেৰে
উজাগৰি উলাহৰ বখৰুৱা ছবি,
পলসুৱা জীপাল মাটি সিঁচি দিম সোণগুটি
সম্ভাৱনাৰে অঁকা আশাৰ গজালি।