পেৰিছ পেৰালিম্পিকত জেভলিন থ্ৰ’য়াৰ সুমিত এণ্টিলে অৰ্জন কৰে সোণৰ পদক
ৰঙিলী বাৰ্ত্তাসেৱা- অভিলেখ সংখ্যক থ্ৰ’ৰে পেৰিছ পেৰালিম্পিকত জেভলিন থ্ৰ’য়াৰ সুমিত এণ্টিলে অৰ্জন কৰে সোণৰ পদক ৷ পুৰুষৰ জেভলিন থ্ৰ’ এফ ৬৪ ইভেণ্টৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়নগৰাকীয়ে পেৰালিম্পিকত দুবাৰকৈ নিজৰে অভিলেখ ভংগ কৰি দেশৰ হৈ অৰ্জন কৰে তৃতীয়টো স্বৰ্ণ পদক ৷ এণ্টিলে ৬৯.১১ মিটাৰ থ্ৰ’ৰে প্ৰদৰ্শন আৰম্ভ কৰি টকিঅ’ত স্থাপন কৰা নিজৰে ৬৮.৫৫ মিটাৰ পেৰালিম্পিক ৰেকৰ্ড ভংগ কৰে । দ্বিতীয় থ্ৰ’ত ৭০.৫৯ মিটাৰৰ অভিলেখ সংখ্যক থ্ৰ’ কৰে খেলুৱৈগৰাকীয়ে ৷ সুমিতৰ পূৰ্বে আই আই টি-মাণ্ডিত বেডমিণ্টনত শ্বাটলাৰ নীতেশে পুৰুষৰ একক এছ এল ৩ ইভেণ্টত ভাৰতৰ পদক তালিকাত দ্বিতীয়টো স্বৰ্ণ যোগ কৰে । নীতেশৰ পূৰ্বে শ্বুটাৰ অৱনী লেখাৰাই মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে চলিত পেৰিছ পেৰালিম্পিকত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ লাভ কৰিছিল ৷ প্ৰতিযোগিতাখনত শ্ৰীলংকাৰ দুলান কোডিথুৱাক্কুৱে ৬৭.০৩মিটাৰ থ্ৰ’ৰে দ্বিতীয় স্থান লাভ কৰি দখল কৰে ৰূপৰ পদক ৷ আনহাতে, অষ্ট্ৰেলিয়াৰ মিখল বুৰিয়ানে তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ’ ৬৪.৮৯ মিটাৰৰ সৈতে দখল কৰে ব্ৰঞ্জৰ পদক ৷ সুমিতৰ স্বৰ্ণ পদকৰ লগে লগে ভাৰতে পেৰিছ পেৰালিম্পিকত ৩ টা সোণ,৫ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৫ টা পদক বৰ্তমানলৈকে লাভ কৰিছে ৷