পেৰিছ অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফলত স্বপ্নিল কুছালেৰ ব্ৰঞ্জৰ পদক অৰ্জন

পেৰিছ অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফলত স্বপ্নিল কুছালেৰ ব্ৰঞ্জৰ পদক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা- পেৰিছ অলিম্পিকত ভাৰতৰ বাবে তৃতীয়টো পদক আঁজুৰি আনিলে তাৰকা শ্বুটাৰ স্বপ্নিল কুছালে।  স্বপ্নিল কুছালে ৫০ মিটাৰ ৰাইফলত তৃতীয় স্থান দখল কৰি এই পদক লাভ কৰে। পেৰিছ অলিম্পিকত ভাৰতে তিনিওটা পদক শ্বুটিঙত লাভ কৰিছে। স্বপ্নিল কুশালৰ পূৰ্বে মনু ভাকৰ আৰু সৰৱজোৎ সিঙে চলিত পেৰিছ অলিম্পিকত পদক লাভ কৰিছিল। অলিম্পিকৰ ইতিহাসৰ কথা ক’বলৈ গ’লে স্বপ্নিল কুছালে হৈছে পদক লাভ কৰা সপ্তমজন ভাৰতীয় শ্বুটাৰ। ব্ৰঞ্জ জয়ৰ পথত ভাৰতীয় শ্বুটাৰগৰাকীয়ে অতিক্ৰম কৰে বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈ প্রিভ ‘ৰাটস্কি জিৰিক। স্বপ্নীলে ৪৫১.৪ পইণ্টেৰে এই ইভেন্টত ব্ৰঞ্জৰ পদক জয় কৰে। আনহাতে চীনৰ এলইউ যুকুনে ৪৬৩.৬ পইন্টেৰে স্বৰ্ণ আৰু ইউক্রেইনৰ কুলিশ চেৰহিয়ে ৪৬১.৩ পইন্টেৰে ৰূপ জয় কৰে। ইফালে স্বপ্নীলে অলিম্পিকত পদক জয় কৰা ভাৰতৰ সপ্তমগৰাকী স্পুটাৰ হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুয়েও স্বপ্নীলক অভিনন্দন জ্ঞাপন কৰি লিখিছে, ‘পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে স্বপ্নীল কুছালেলৈ আন্তৰিক অভিনন্দন। পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্রী প’জিছনত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে।  একেখন অলিম্পিক গেমছতে শ্বুটিং ইভেন্টত তিনিটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। সমগ্ৰ শ্বুটিং দলটোৱে ভাৰতক গৌৰৱান্বিত কৰিছে। আগন্তুক প্রতিযোগিতাসমূহৰ বাবে আমাৰ সকলো খেলুৱৈলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে স্বপ্নীলে আৰু অধিক পদক লাভ কৰক, তাৰ কামনা কৰিলোঁ।’ আনহাতে স্বপ্নীলক অভিনন্দন জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে লিখিছে- ‘স্বপ্নীল কুছালেৰ ব্যতিক্রমী প্ৰদৰ্শন, পেৰিছ অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফল খ্ৰী প’জিছনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে তেওঁক অভিনন্দন। তেওঁ উৎকৃষ্ট নমনীয়তা আৰু দক্ষতা প্রদর্শন কৰিছে। এই শাখাত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈও। প্ৰতিজন ভাৰতীয় আনন্দিত।’