“Divide Assam 50/50″”
পৃথক বড়োলেণ্ড দাবীৰে বড়োভূমিত পুনৰ জন্ম হ’ল আন এটা উগ্ৰপন্থী সংগঠনৰ দল (ULB)
অমৰজিৎ ৰাভা,ওদালগুৰি, বাৰ্ত্তাসেৱা– যোৱা ১৫ ছেপ্টেম্বৰ তাৰিখে বড়ো ভূমিত পুনৰ জন্ম হ’ল আন এটা অস্ত্ৰধাৰী সংগ্ৰামী দল (ULB)। বড়ো ঐতিহাসিক শান্তি চুক্তিৰ দুটা বছৰ সম্পূৰ্ণ নহওঁটেই বড়ো ভূমিত পুনৰ জন্ম হল ইউনাইটেড লিবাৰেছন ফৰ বড়োলেণ্ড (ULB) উগ্ৰপন্থী সংগঠন। যোৱা ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে বড়ো জনগোষ্ঠীৰ দাবী সম্পূৰ্ণ কৰি NDFB উগ্ৰপন্থী সংগঠনক মূল সতিলৈ ঘূৰাই আনি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সহযোগত এবছুয়ে বিটিআৰ চুক্তি সাক্ষৰ কৰিছিল। কিন্তু চুক্তিখন দুটা বছৰ সম্পূৰ্ণ নহওটেই বড়ো যুৱক যুৱতি সকল পুনৰ ওলাই গ’ল ঘন অৰণ্যলৈ। উল্লেখ্য যে যোৱা ২০২০ চনৰ ২৭ জানুৱাৰীত হোৱা বিটিআৰ চুক্তিখন বৰ্তমানলৈ ভালদৰে ৰূপায়ণ হ’ব পৰা নাই, আৰু যিখন চুক্তিত বড়ো জনগোষ্ঠী সম্পূৰ্ণ ভাৱে সুৰক্ষিত নহয় বুলি দাবী জনায় নৱ গঠিত ULB সংগঠনটোৱে আৰু লগতে বড়োভূমিত বিটিআৰ চুক্তি সাক্ষৰ কৰি বড়ো জনগণক প্ৰভোলিত কৰা হ’ল ইয়াত আমি সুৰক্ষিত নহয় যাৰ বাবে বড়ো যুৱক যুৱতি কেতিয়াও শান্ত নহয়। আৰু যেতিয়ালৈ অসম বিভক্ত কৰি পৃথক বড়োলেণ্ড কৰা নহয় তেতিয়ালৈ বড়ো সকলৰ আন্দোলন অব্যাহত থাকিব যাৰ বাবে আমি পুনৰ অস্ত্ৰ ধৰি ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড ULB সহস্ত্ৰ সংগ্ৰামী দল গঠন কৰিব লগা হল বুলি চুচেইল মেডিআ যোগে ULB উগ্ৰপন্থী সংগঠনে আত্ম প্ৰকাশ কৰে।