পূৰ্বায়ন প্ৰকাশনৰ তিনিখন গ্ৰন্থ উন্মোচন

পূৰ্বায়ন প্ৰকাশনৰ তিনিখন গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত ড° সংগীতা ৰাজখোৱাৰ তিনি খনকৈ গ্ৰন্থ ‘হাজং লোক সাহিত্যৰ-ৰূপ ৰেখা’ ,‘হাজং লোক পৰিৱেশ্য কলা আৰু হাজং সাধুকথাৰ  সংকলন’,‘জোনাকীৰ পোহৰ’ আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। শিক্ষাবিদ ড° জগদীশ পাটগিৰি সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত  উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ তথা শিক্ষাবিদ ড° দয়ানন্দ পাঠক  ,খ্যাতিনামা  চিকিৎসক ডাঃ হিতেশ  বৰুৱা, আৰু ভাষাবিদ ড° খগেশ সেন ডেকা। একেটা  অনুষ্ঠানতে বিশিষ্ট অতিথি  হিচাপে উপস্থিত থাকি সভাখন অধিক গাম্ভীৰ্যময় কৰি তোলে  ৰতন কুমাৰ  ৰায় হাজং আৰু কানুৰাম হাজঙে।  ইপিনে নিজৰ উন্মোচনী ভাষণত ভাষাবিদ ড° খগেশ সেন ডেকাই  ভাষাৰ গভীৰতা  আৰু ইয়াৰ নিৰ্দিষ্ট ঠাঁচৰ গুৰুত্ব ওপৰত এক নিতীদীর্ঘ  ভাষণ ৰখাৰ লগতে লেখিকাৰ গ্ৰন্থ কেইখনে অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান  আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। লেখিকাৰ মনৰ কথা ব্যক্ত কৰি  ড° সংগীতা ৰাজখোৱাই কয় গ্ৰন্থ কেইখন পাঠকে আঁকোৱালি  ললেই বিচাৰি পাব তেওঁৰ সফলতা ।উল্লেখযোগ্য দিপাঞ্জলি দাস পাঠকে আঁত ধৰা গ্ৰন্থ উন্মোচননী সভাত উপস্থিত থাকে  কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে শিক্ষানুৰাগী।