পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজৰে আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ।সন্ধিয়া ৬ বজাৰলৈকে চলিব এই ভোটগ্ৰহণ প্ৰক্ৰিয়া । ১.৫ কোটি জনতাই নিৰ্ণয় কৰিব ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ ভিতৰত ৬০৩জন পুৰুষ, ৯৫গৰাকী মহিলা, এগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী আছে। ১৩,৭৬৬টা ভোটগ্ৰহণ কেন্দ্ৰত চলিছে ভোটগ্ৰহণ পৰ্ব।৬৯৯গৰাকী প্ৰাৰ্থীয়ে ৭০খন বিধানসভা আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল প্ৰকাশ কৰা হ’ব।এই বিধানসভা নিৰ্বাচনটোত আপে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ চেষ্টা চলোৱাৰ বিপৰীতে বিজেপিয়ে ২৭ বছৰীয়া খৰাং পৰিস্থিতি ভংগ কৰাৰ লক্ষ্য লৈছে। একেদৰে পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছে কংগ্ৰেছে ।এই নিৰ্বাচনত আপ দলে নিজৰ বৰ্তমানৰ চৰকাৰৰ কাম-কাজ আৰু উন্নয়নমূলক আঁচনিসমূহৰ ওপৰত গুৰুত্ব দিছে, আনহাতে বিজেপিয়ে দিল্লীৰ উন্নয়নৰ বাবে নতুন দিশৰ প্ৰতিশ্ৰুতি দিছে। কংগ্ৰেছে আকৌ দিল্লীৰ ৰাইজক নতুন আশাৰ সন্ধান দিবলৈ চেষ্টা কৰিছে।ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সষ্টম হৈ আছে প্ৰশাসনীয় ব্যৱস্থা । নিৰ্বাচনী আয়োগে ভোটাৰসকলক নিৰ্ভয়ে ভোটদান কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে। উল্লেখযোগ্য যে বিগত তিনিটা বিধানসভা নিৰ্বাচনত নতুন দিল্লী বিধানসভা আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছে অৰবিন্দ কেজৰিৱালে । নতুন দিল্লীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কেজৰিৱালৰ মূল প্ৰতিদ্বন্দ্বী হৈছে বিজেপিৰ পৰ্বেশ ভাৰ্মা আৰু কংগ্ৰেছৰ সন্দীপ দীক্ষিত। ইফালে মালভিয়া নগৰ সমষ্টিৰ পৰা পুনৰবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আপৰ প্ৰাৰ্থী সোমনাথ ভাৰতীয়ে । এই আসনখনৰ পৰা কংগ্ৰেছৰ জিতেন্দ্ৰ কুমাৰ কোচাৰৰ লগতে বিজেপিৰ সতীশ উপাধ্যায়ো প্ৰতিদ্বন্দ্বিতা আগঢ়াইছে ।চান্দনী চক লোকসভা সমষ্টিৰ অন্তৰ্গত বল্লীমৰণ আসনখন মুছলমান প্ৰাৰ্থীৰ দুৰ্গ হিচাপে পৰিগণিত হৈছে । এই আসনখনৰ বাবে আপৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াইছে ইমৰাণ হুছেইনে। আনহাতে,এই সমষ্টিৰ প্ৰবীণ নেতা হাৰুণ ইউছুফক প্ৰাৰ্থীত্ব দিছে কংগ্ৰেছে। বিজেপিয়ে বল্লীমৰণৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে কমল বাগৰীক।ৰোহিনী আসনত আপ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে । এই আসনখনৰ বাবে বিজেপিৰ বিজেন্দ্ৰ গুপ্তাই তৃতীয়বাৰৰ বাবে আপৰ প্ৰাৰ্থী প্ৰদীপ মিত্তলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । শকুৰ বস্তি সমষ্টিৰ পৰা বিজেপিয়ে কৰ্ণাইল সিঙক প্ৰাৰ্থী হিচাপে বাছি লৈছে। তেওঁ আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা সত্যেন্দৰ জৈনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।বিগত তিনিটা নিৰ্বাচনত মনীষ ছিছ’দিয়াই জয়লাভ কৰি অহা পাটপাৰগঞ্জ সমষ্টিটো আপৰ দুৰ্গ হিচাপে পৰিগণিত হৈছে। এইবাৰ অৱশ্যে বিজেপিৰ ৰবিন্দ্ৰ সিং নেগী আৰু কংগ্ৰেছৰ অনিল চৌধাৰীৰ বিৰুদ্ধে শিক্ষকৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা আৱধ ওঝাক প্ৰাৰ্থীত্ব দিছে আপে। ইফালে, কলকাজী আসনখন আপ, কংগ্ৰেছ আৰু বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপ আৰু কংগ্ৰেছ দুয়োটা দলে এই সমষ্টিটোৰ বাবে মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। এই সমষ্টিত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰী অলকা লাম্বা আৰু বিজেপিৰ ৰমেশ বিধুৰী থিয় দিছে।জাংপুৰা সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আপৰ প্ৰবীন নেতা মনীষ ছিছ’দিয়াই। আপ নেতা গৰাকীৰ বিৰুদ্ধে তৰ্বিন্দৰ সিং মাৰৱাহ আৰু কংগ্ৰেছ নেতা ফাৰহাদ ছুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সমান্তৰালভাৱে ওখলা সমষ্টিত একেৰাহে তৃতীয়বাৰৰ বাবে আম আদমি পাৰ্টিৰ পৰা আমনাতুল্লাহ খানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আপৰ আমনাতুল্লাহ খানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰিবা খানক প্ৰাৰ্থীত্ব দিছে কংগ্ৰেছে।