পুৱাই মহাগনৰীৰ গণেশগুৰিত সংঘটিত হ’ল এক শোকাৱহ দুৰ্ঘটনা

পুৱাই মহাগনৰীৰ গণেশগুৰিত সংঘটিত হ’ল এক শোকাৱহ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  পুৱাই মহাগনৰীৰ গণেশগুৰিত সংঘটিত হ’ল এক শোকাৱহ দুৰ্ঘটনা । এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে। স্কুল বাছৰ খুন্দাত থিতাতে মৃত্যু হয় একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ। বায়েকৰ সৈতে স্কুটীৰে স্কুললৈ আহি থকাৰ সময়তে স্কুল বাছে মহতিয়াই নিয়ে স্কুটীখন। যাৰ ফলত থিতাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ। নিহত ছাত্ৰীগৰাকীৰ নাম প্ৰিয়া কুমাৰী। ছাত্ৰীগৰাকীৰ ঘৰ হেঙেৰাবাৰীত। লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী আছিল প্ৰিয়া। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰিয়াৰ বায়েকো। ৰয়েল গ্ল’বেল স্কুলৰ এখন বাছে পিছফালৰ পৰা খুন্দা মাৰে। ৰয়েল গ্ল’বেল স্কুলৰ ১৫ নম্বৰ বাছখনে স্কুটীখনত খুন্দা মৰাৰ পিছত ছাত্ৰীগৰাকীৰ মূৰৰ ওপৰেৰে উঠি যায়। দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ AS-01PC-7411। দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে বাছসহ চালকজনে পলায়ন কৰে যদিও পিছত বশিষ্ঠ থানাত আত্মসমৰ্পণ কৰে। চালকজনৰ নাম বিপুল বড়ো। পুৱা ৭.২০ বজাত সংঘটিত হোৱা দুৰ্ঘটনাৰ আধাঘণ্টা পিঠত উপস্থিত হয় আৰক্ষী আৰু 108 সেৱাৰ এম্বুলেঞ্চ। দিছপুৰ থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ আধাঘণ্টা পিছত ৭.৫২ বজাত উপস্থিত হয় আৰক্ষী। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ, পথৰ কাষত খান্দি থোৱা গাঁতৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বহুসংখ্যক স্থানীয় লোক। স্থানীয় লোকৰ অভিযোগ মতে, গাঁত খন্দা স্থানত নাই কোনো ধৰণৰ বেৰিকেড। গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। ইফালে, দুৰ্ঘটনাৰ পিছতে দিছপুৰ থানাত ৩ প্ৰত্যক্ষদৰ্শীয়ে দাখিল কৰিলে অভিযোগ। ৰয়েল গ্ল’বেল স্কুলৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ।