পুৰুষ দলৰ আৰ্চাৰি ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত 6-0ৰ ব্যৱধাত পৰাজয় বৰণ কৰি নক আউট হয় ভাৰতৰ দলটো

Free Press Journal

অনলাইন বাৰ্ত্তাসেৱা – সোমবাৰে য়ুমেনোছিমা ৰেংকিং ফিল্ডত ভাৰত- দক্ষিণ কোৰিয়াৰ মাজত অনুস্থিত হোৱা পুৰুষৰ আৰ্চাৰী দলৰ ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবীণ যাদৱ, অতনু দাস আৰু তৰুণদীপ ৰায়ৰ ভাৰতীয় তিনিওজনে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু ৬-০ৰ ব্যৱদানত পৰাজয় বৰণ কৰে। কিম জে দেওক, কিম ৱুজিন আৰু ওহ জিনহাইকক লৈ গঠিত দক্ষিণ কোৰিয়াৰ দলটোৱে ভাৰতীয় দলটোক ৬-০ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত উপনীত হয়। উল্লেখ্য যে অতনু দাস, তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱ – এই তিনিওজনে ডেনিছ গানকিন, ইলফাত আব্দুলিন আৰু চানঝাৰ মুছায়েভৰ কাজাখাস্তান দলক ৬-২ ব্যৱধানত পৰাস্ত কৰি কোৱৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।

(UD.)