পুৰুষৰ হৃদয়তো বেথা থাকে- বিন্দু ৰাজবংশী কলিতা

PC-Unsplash

পুৰুষৰ হৃদয়তো বেথা থাকে

বিন্দু ৰাজবংশী কলিতা

পুৰুষতকৈ নাৰীক কিয় ইমান দুৰ্বল আৰু অবলা বুলি ভাবি যাতনা দিয়া হৈছিল বা কি কাৰনত নাৰী পুৰুষৰ অধীনত থাকিব লাগে বুলি ভবা হৈছিল সেই কথাৰ সঠিক উত্তৰ বোধকৰো ক’তো বিছাৰি পোৱা নাযায় এই কথা স্পষ্ট যে পুৰুষতান্ত্ৰিক সমাজ বুলি কলেই নাৰীসকল পুৰুষৰ অধীন ।অকল সেয়াই নহয় পুৰুষৰ অধীনত লাঞ্চিতা, নিৰ্যাতিতা, অৱহেলিত নাৰীৰ এশ এবুৰি কাহিনীয়ে সমাজত তোলপাৰ লগাই থাকে। পুৰুষৰ দমনমূলক নীতিৰ বাবেই আধুনিক পৃথিৱীৰ নাৰীসকল আজি নিজৰ , সাহস আৰু প্ৰতিভাৰে জাগৰিত হৈছে এই কথা আমি কোনেও না কৰিব নোৱাৰো। ভাৰতীয় ইতিহাসত নাৰীৰ যাতনাৰ কথা কবলৈ গ’লেই ৰামায়নৰ যুগত সীতা ,মহাভাৰতৰ যুগত দ্ৰৌপদীৰ লাঞ্চনাৰ কাহিনীতকৈ বিৰল উদাহৰণ আৰু কিবা হব পাৰে বুলি নাভাবো। তাৰ লগে লগে এইটোও এটা গুৰুত্বপূৰ্ণ কথা যে দ্ৰৌপদীক বস্ত্ৰহীন হোৱাৰ পৰা শ্ৰীকৃষ্ণই ৰক্ষা কৰিছিল, আৰু তেওঁ পুৰুষ আছিল। সীতাক সুৰক্ষা দিছিল বীৰ হনুমন্তই । যুগৰ পৰিবৰ্তনৰ লগে লগে লগে নাৰীৰ মানসিকতা ,নাৰীৰ সজাগতাই নাৰীক সমাজত মুক্ত ভাবে মুৰ তুলি জীয়াই থাকিবলৈ সক্ষম হৈছে।
যিয়েই নহওঁক নাৰী আজি বহুপৰিমানে মুক্ত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে নাৰীয়ে নিজৰ অস্তিত্ব আৰু মৰ্যদাক প্ৰতিষ্ঠা কৰাৰ যুজঁ খন আৰম্ভ কৰিবলৈও কিন্তু একাংশ পুৰুষৰ সহযোগিতাৰ বাবেহে সম্ভৱপৰ হৈছে। ভাৰতবৰ্ষৰ নাৰীসকলক শিক্ষিত কৰিবলৈ মহাৰাষ্ট্ৰত সাবিত্ৰী বাঈ ফুলেৰ প্ৰচেষ্টাক সামন্তীয় ধৰ্মান্ধ পুৰুষ সকলে বিফল কৰিবলৈ উঠিপৰি যত্নপৰ হোৱাৰ সময়তো কিন্তু তেওঁৰ স্বামী জ্যোতিৰাও ফুলেৰ একান্ত সহযোগত আগবাঢ়ি গৈছিল। নাৰীৰ সুৰক্ষাৰ প্ৰশ্ন, নাৰীৰ সমস্যা, নাৰীৰ যন্ত্ৰণা এতিয়াও আছে। সেয়েহে হয়তো অনাগত বহুবছৰলৈ নাৰীয়ে নিজৰ প্ৰাপ্যৰ বাবে যুজঁ দিব লাগিব। কাৰণ একাংশ নাৰী যিদৰে সমাজ আৰু দেশত প্ৰতিষ্ঠিত হৈ যিদৰে আকাশত যুদ্ধ জাহাজৰ পাইলট হৈ দেশৰ বাবে উৰিছে, যিদৰে সাগৰৰ তলত চাবমেৰিণ ছলাইছে, যিদৰে এভাৰেষ্ট বগাইছে, যেনেকৈ পৃথিৱী বিখ্যাত সাহিত্যিক হৈছে ঠিক তাৰ বিপৰীতে বহুসংখ্যক নাৰীয়ে সকলোৰে অজ্ঞাতে স্বামীৰ ঘৰত চৰ কিল খাইছে যৌতুকৰ বলি হৈছে, কাৰাৰুদ্ধ জীৱনক আকোৱালি লৈ আছে। এইখিনিতে মনলৈ প্ৰশ্ন আহে হয়তো দ্বাপৰ যুগত ধৰ্মৰাজ যুধিষ্ঠিৰে কোৱা ” পত্নী স্বামীৰ খৰমৰ ধূলি” এইকথাষাৰ আজিও বহু পুৰুষে হয় বুলি মানি আছে নেকি?? সেইবাবেই হয়তো এতিয়াও নাৰীৰ পক্ষ লোৱা পুৰুষৰ হাৰ কমি আছে । নাৰী সুৰক্ষাৰ আইনখনে তাকেই প্ৰমাণ কৰে। আজিৰ তাৰিখত নাৰীয়ে পুৰুষৰ সমানেই মৰ্যদা লাভ কৰিছে । নাৰী সুৰক্ষাৰ বাবে protection of women from domestic violence Act 2005 বলবৎ হোৱাৰ পিছৰে পৰা নাৰীৰ অধিকাৰ আৰু সুৰক্ষা অক্ষুন্ন থকাটো নিশ্চিত হৈছে। এটা কথা কবই লাগিব যে নাৰীসকলে স্বাধীন হোৱাৰ লগতে নিজকে কিছু সংশোধন কৰাৰ আৱশ্যকতা আছে। কাৰণ সমাজত এগৰাকী বিধৱাক অকল পুৰুষেই উপেক্ষা নকৰে , এগৰাকী নিসন্তান মাতৃক অকল পুৰুষেই অত্যাচাৰ নকৰে অথবা এগৰাকী বোৱাৰীক যৌতুকৰ বাবে অকল স্বামীয়েই জ্বলাই হত্যা নকৰে সেই কাৰ্য্যত শাহু জৰিত থকা প্ৰমান বহুসময়ত পোহৰলৈ আহি আছে। এনেবোৰ অন্ধবিশ্বাস আৰু নিষ্ঠুৰতাক সমাজৰ পৰা আতৰ কৰিবলৈ নাৰীৰ মানসিকতা পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে। বৰ্তমান সময়ত পুৰুষ সকলৰ দ্বাৰা নাৰী লাঞ্চিতা বা নিৰ্যাতিতা হৈ থকা কথাটোই সমগ্র পুৰুষজাতিটোকে কেতিয়াও নুবুজাই । নাৰীয়ে আজি সমমৰ্যদা পোৱাৰ ক্ষেত্ৰত নিশ্চিত ভাবে সেইসকল পুৰুষৰ হাত আছে। সেইসকল পুৰুষ ধন্যবাদৰ যোগ্য যিসকলে নাৰীক স্বাধীন হোৱাত উদাৰতাৰে সহযোগ কৰি প্ৰকৃত স্বাধীনতা দিছে। সেই সকল পুৰুষো ধন্যবাদৰ পাত্ৰ যিসকল পুৰুষে নিজৰ পত্নী, সন্তান, মাতৃ, ভগ্নীক সুৰক্ষা দিছে, সন্মান দিছে। সেইসকল পুৰুষক চেল্যুট দিয়া উচিত যিসকলে নিজৰ মাতৃ, পত্নী, কিম্বা ভগ্নীৰ ভৰন- পোষনৰ বাবে দিন ৰাতি একাকাৰ কৰি উপাৰ্জন কৰিছে। পত্নী অথবা মৰমৰ জীয়ৰীৰ সুখ স্বাচ্ছন্দ্যৰ বাবে নিজকে বিলীন কৰিছে। নিজৰ কথা ভাবিবলৈ সময় নোপোৱা সেইসকল পুৰুষৰ প্ৰতি শ্ৰদ্ধাৰে মুৰ দো খাই । যিসকলে পত্নী ,কৰ্মক্ষেত্ৰলৈ ওলাই যোৱাৰ সময়ত পানীৰ বটল ,টিফিন বক্সটো পত্নীৰ বেগত সযতনে ভৰাই দিছে। সেইসকল পুৰুষ সদায়েই শ্ৰেষ্ঠ যিসকলে ঘৰখনৰ মহিলা সদস্যৰ মানসিক আৰু শাৰিৰীক স্বাস্থ্যৰ প্ৰতি প্ৰতিমূহুতৰ্তে সজাগ আৰু সচেতন। যাৰ কষ্টত তেওঁলোক বিচলিতহৈ পৰে। সেইসকল পুৰুষৰ ওছৰত কৃতজ্ঞ হোৱা দৰকাৰ যি সকলে নাৰী ধৰ্ষণ, নাৰী নিৰ্যাতন, যৌতুক ,বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ স’তে খোজত খোজমিলাই মাত মাতিছে। আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে প্ৰতিমূহুৰ্ততে আমাৰ স’তে যূঁঁজ দিছে। সমমৰ্যদা আমাৰ কাম্য। আমি উভয়ে মনত ৰখা উচিত, অধিকাৰ অথবা স্বাধীনতাৰ অৰ্থ অত্যাচাৰ নহয়। বৰ্তমান আমাৰ দেশত ভাল দৰমহাৰ চাকৰি এটা বা অধিক উপাৰ্জন থকা ভাল ব্যৱসায় নথকা পুৰুষ এজনৰ বাবে পৰিয়ালৰ ভৰন পোষনৰ বাবে কিমান সংগ্ৰাম কৰিবলগীয়া হয় সেইকথা দোহৰাৰ প্ৰয়োজন আছে বুলি নাভাবো। একোটা ব্যক্তিগত প্ৰতিষ্ঠানত ন বজাৰ পৰা সন্ধিয়া অনিদিষ্ট সময়লৈকে মুৰ নদঙাকৈ কাম কৰি উপাৰ্জন কৰা পুৰুষ জনেহে বুজি পাই কিমান কষ্টকৰ জীৱন । পৰিয়ালক সুখত ৰাখিবৰ বাবে দিনটো দেহেকেহে খাটি সন্ধিয়া ঘৰলৈ উভটি অহা পুৰুষ জনক পাকঘৰত সহায় কৰি নিদিলে পত্নীৰ বেয়া পোৱাৰ যুক্তি নাথাকে। বৰঞ্চ তেওঁক আদৰ যত্ন লোৱাৰ বেছি আৱশ্যক। পুৰুষৰ শৰীৰত ভাগৰ থাকে, মনত বেথা থাকে। এইকথা আমি পাহৰি থাকো। অত্যাধিক বিলাস আৰু ব্যয়বহুল অভিলাসী জীৱনৰ মোহত আচন্ন হৈ বহুতো পত্নীয়ে স্বামীক অৰ্থনৈতিক ভাবে জুৰুলা কৰা উদাহৰণো আমাৰ সমাজত আছে। পুৰুষে সহজত নাকান্দে। মনৰ অস্থিৰতা বোৰ কবলৈ বেয়া পায়। এনে বহু পুৰুষ আছে নিজে নাখাই পৰিয়ালক খুৱাই, নিজে নিপিন্ধিও পৰিয়ালক পিন্ধাই সুখী হয়। পৰিয়ালক মুখত হাঁহি দেখিবলৈ বাহিৰত কৰি থকা জীৱন সংগ্ৰামৰ ছবিখন আমি দেখা নাপাওঁ। কাৰণ তেওঁ লোকে এই ছবিখন পৰিয়ালৰ পৰা লুকুৱাই থয়। ইমানৰ পিছতো কেতিয়াবা কিছুমান পুৰুষ ব্যৰ্থ হয়। ভিতৰি ভাঙি পৰে, তেওঁলোকৰো যন্ত্ৰণা হয়। সৎ আৰু উদাৰ পুৰুষ জনকো কেতিয়াবা প্ৰেমিকাই প্ৰতাৰণা কৰে, পত্নীয়ে অবহেলা কৰে যাৰ বাবে হয়তো তেওঁ লোকৰো বুকুত কোনেও নেদেখা বিষ এটা উঠে।