পুহমহীয়া ৰ’দালীৰ ৰং – যমুনা দুলু বৈশ্য

PC Unsplash

পুহমহীয়া ৰ’দালীৰ ৰং

যমুনা দুলু বৈশ্য, শুৱালকুছি

পুৱটিৰ ৰ’দালিৰ ৰং বিচাৰি
পদূলিৰ ৰ’দৰ তাপ লওঁ কুঁৱলিৰে আৱৰা,
চৌপাশ নিয়ৰ উপভোগ কৰো,
ফুলৰ সুবাসেৰে মেটমৰা সপোন হৈ
জাগে অনুভূতিবোৰ শীতৰ ছাঁত।
জীৱনৰ সাতোৰঙী ঠিকনাৰ বাটে
মনৰ ডাৱৰ বোৰ আঁতৰাই আশাবোৰকে ধিয়াই ন,
ন সৃষ্টিৰ পৰশত বুকুতে উমলে শব্দালয়ৰ অনুভৱ।