‘পুষ্পা-২’ৰ প্ৰিমিয়াৰ শ্ব’ত পদপিষ্ট হৈ মহিলাৰ মৃত্যু

‘পুষ্পা-২’ৰ প্ৰিমিয়াৰ শ্ব’ত পদপিষ্ট হৈ মহিলাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- পুষ্পাৰ প্ৰিমিয়াৰ চাবলৈ গৈ অঘটন। বুধবাৰে নিশা বহু প্ৰত্যাশিত ‘পুষ্পা ২- দ্য ৰুল’ ছবিৰ প্ৰিমিয়াৰ আছিল। হায়দৰাবাদৰ টি চি ক্ৰছ ৰোডৰ সন্ধ্যা থিয়েটাৰ নামৰ ছবিগৃহত সংঘটিত হ’ল কৰুণ ঘটনা। পদপিষ্ট হৈ প্ৰাণ গ’ল এগৰাকী মহিলাৰ। সংকটজনক অৱস্থাত এটি কণমানি শিশু। শিশুটি ৩৯ বৰ্ষীয় মহিলাগৰাকীৰ পুত্ৰ বুলি প্ৰাৰম্ভিক ধাৰণা কৰা হৈছে। মৃত মহিলাগৰাকীৰ নাম ৰেৱতী বুলি জানিব পৰা হৈছে।কালি মুক্তি লাভ কৰা আল্লু অর্জুন, ৰশ্মিকা, মান্দানা অভিনীত ছবি ‘পুষ্পা-২’ৰ হায়দৰাবাদত প্রিমিয়াৰত সন্ধিয়া থিয়েটাৰৰ বাহিৰত অনুৰাগীয়ে যথেষ্ট ভিৰ কৰে। আনকি ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ গৈ আৰক্ষীও সমস্যাৰ সন্মুখীন হয়। ভিৰৰ মাজতে থিয়েটাৰৰ সন্মুখত আহি উপস্থিত হয় দক্ষিণৰ তাৰকা আল্লু অর্জুন। অভিনেতাগৰাকীক ওচৰৰ পৰা চাবলৈ অনুৰাগীসকলে ঠেলা-হেঁচা আৰম্ভ কৰিলে। এই পৰিস্থিতিত পদপিষ্ট হৈ মৃত্যু হয় ৩৯ বছৰীয়া এগৰাকী মহিলাৰ। অনুৰাগীৰ ভিৰ ইমানেই বেছি আছিল যে আল্লু অর্জুনেও বেছি সময় থিয়েটাৰৰ বাহিৰত থিয় হৈ থাকিব নোৱাৰিলে। কম সময়ৰ ভিতৰতে থিয়েটাৰ ত্যাগ কৰে অভিনেতাগৰাকীয়ে।