কবিতা
পুষ্পাজ্ঞলী ।
ধৰিত্ৰী আজি তোমাৰ এখন বিষন্ন ছবি
কেৱল কৰুণাত আক্ৰান্ত জনৰ প্ৰতিচ্ছবি ।
উহঃবসুমতি আজি তুমি ৰক্ষা কৰা তোমাৰ সন্তানক ,
মই জানো বসুমতি তোমাৰ ওপৰত অন্যায় , অত্যাচাৰৰ বাবে
এইয়া জীৱন্ত মৃত্যুৰ ছবি আজি দেখিছো ।
ধৰিত্ৰী আজি তোমাক দিবলৈ একো নাই ?
কৰুণাত আক্ৰান্ত জনৰ মংগলৰ অৰ্থে
তোমাক দিছো পুষ্পাজ্ঞলী ।
— প্ৰস্তুতি শৰ্মা ।