পুনৰ হেৰাই গ’ল আন এক উদীয়মান প্ৰতিভা

Pc Facebook

পুনৰ হেৰাই গ’ল আন এক উদীয়মান প্ৰতিভা

ৰঙিলী বাৰ্ত্তাসেৱা-  তেজশ্বিতা বৰুৱাৰ পিছত পুনৰ মাজুলীৰ আন এগৰাকী উদীয়মান প্ৰতিভা আমাৰ মাজৰ পৰা হেৰাই গ’ল।নৃত্য পৰিৱেশন কৰিবলৈ গৈ ডেৰাডুনত মৃত্যু মাজুলীৰ প্ৰতিভাৱান শিল্পী লুইচি বৰাৰ।প্ৰায় চাৰি মাহৰ আগতে এটা সাংস্কৃতিক দলৰ সৈতে উত্তৰাখণ্ডত নৃত্য প্ৰদৰ্শনৰ বাবে গৈ নৃত্য প্ৰদৰ্শন কৰি উঠি হঠাৎ অসুস্থ হৈ পৰিছিল লুইচি৷ইয়াৰ পিছতেই লগতে থকা পিতৃয়ে অন্যান্য লোকৰ সহায়ত লুইচিক ততাতৈয়াকৈ ডেৰাডুনৰ ‘সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান’ত ভৰ্তি কৰে৷ তেতিয়াৰ পৰাই চিকিৎসালয়ত লুইচিয়ে মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে৷লুইচিৰ মৃত্যুত নিজ গাঁও জালুকবাৰীৰ লগতে সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিছে৷ বিশেষকৈ লুইচিৰ মৃত্যুত মাজুলীৰ সাংস্কৃতিক জগত ম্ৰিয়মাণ হৈ পৰিছে৷প্ৰতিভাসম্পন্ন লুইচিয়ে কেৱল বিদ্যায়তনিক দিশতে নহয় এগৰাকী সম্ভাৱনাপূৰ্ণ শিল্পী হিচাপে নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছিল৷ মাজুলীৰ ৰাসোৎসৱতো অভিনয়ৰ যোগেদি লুইচিয়ে জনপ্ৰিয়তা অৰ্জন কৰিছিল৷