পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ
ৰঙিলী বাৰ্ত্তাসেৱা-পুনৰ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ । মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভর্তি কৰোৱা হৈছে গৰিমা গাৰ্গক। যথেষ্ঠ মানসিক উদ্বেগজনিত কাৰণত অসুস্থ হৈ পৰিছে গৰিমা গাৰ্গ । চিকিৎসকৰ মতে, সম্প্ৰতি গৰিমাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও বৰ্তমানেও হাস্পতালতে আছে তেওঁ ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পাছৰে পৰা বিভিন্ন সময়ত মাজে মাজে অসুস্থ হৈ আহিছে গৰিমা শইকীয়া গাৰ্গ ।
