পিতাই
সত্যজিৎ গগৈ
বামুণী গাঁও
আইৰ কোলা শুৱনি কৰিবলৈ পিতাইয়ে মোক লৈ আহিছিল
আঙুলিত ধৰি শিকাইছিল জীৱনৰ অ আ ক খ
পাটিগণিতৰ নেওতাবোৰে আওল লগাব নোৱাৰাকৈ
ওলোটাকৈ পঢ়িবলৈ দিছিল এশৰ পৰা একলৈ
মৌখিক,শ্ৰুতলিপিবোৰ আছিল জীৱনক শিকাৰ কৌশল।
আইৰ বুকুৰ ওমেৰে ডাঙৰ হবলৈ
পিতাইৰ সতে নাঙল ধৰি এমুঠি খাবলৈ
বতাহত উৰি ফুৰা পইচাবোৰ ধৰিবলৈ
হাটলৈ যোৱাৰ বহুৰঙী অভিজ্ঞতাবোৰ
পিতাইয়ে মোক সন্ধিয়াৰ সাধুকথাৰ দৰে কৈছিল।
পিতাইৰ আঙুলিৰ পাবত যেন সোণ এটোলা
দুভৰিত জিলিকি থাকে ৰূপৰ জুনুকা
তামৰঙীণ চুলিবোৰত উলমি থাকে এক সুঘ্ৰাণ,
জীৱনক উদযাপন কৰাৰ সূচীপত্ৰত লিখা থাকে
পিতাইৰ সোণালী অতীতৰ ৰূপোৱালী শস্যৰ কথা।