পাকিস্তানী সেনাৰ গুলীত নিহত ৭ ভাৰতীয়

পাকিস্তানী সেনাৰ গুলীত নিহত ৭ ভাৰতীয়

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তান অধিকৃত জম্মু কাশ্মীৰ আৰু পাকিস্তানৰ ভূ-খণ্ডত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰৰ জৰিয়তে ৯০ টাকৈ সন্ত্ৰাসবাদী নিধন কৰাৰ পাছতে ভাৰতীয়ক লক্ষ্য কৰি সীমান্তত পাকিস্তান সেনাই নিৰ্বিচাৰ গুলী চালনা কৰিছে।  এল অ’ চিৰ সমীপৰ গাঁৱত আৰ্টিলাৰী আৰু মৰ্টাৰেৰে কৰা গুলীচালনাত এগৰাকী মহিলা আৰু দুটা শিশুকে ধৰি ৭ জন লোক নিহত হোৱাৰ লগতে ৩৮ জন লোক আহত হয়। প্ৰাৰম্ভিক ভাৱে এই গুলী চালনাত ৩ জন ভাৰতীয়ৰ মৃত্যুৰ খবৰ আহিছিল যদিও শেহতীয়া আপডেটৰ জৰিয়তে পাকিস্তানী সেনাৰ গুলীত ৭ জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে ৩৮ জন আহত হোৱা বুলি প্ৰকাশ কৰিছে।  ইফালে ভাৰতীয় সেনাই দিছে ইয়াৰ উপযুক্ত উত্তৰ। ভাৰতৰ প্রতিশোধমূলক কার্যত পাকিস্তানী সেনায়ো লোকচানৰ সন্মুখীন হৈছে৷ ইফালে এনে যুদ্ধ পৰিস্থিতিত কেইবাখনো জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান। তাৰোপৰি বহু কেইটা বিমান বন্দৰত বিমানৰ উৰণ আৰু অবতৰণ বাতিল কৰা হৈছে।  এই দৰে প্ৰভাৱিত বিমান বন্দৰসমূহৰ ভিতৰত আছে ধৰ্মশালা, লেহ, জম্মু, শ্ৰীনগৰ, অমৃতচৰ, যোধপুৰ, ভূজ, জামনগৰ, চণ্ডিগড় আৰু ৰাজকূট।সেইদৰে যুদ্ধৰ হটস্পট হৈ পৰা জম্মু কাশ্মীৰৰ জম্মু, চাম্বা, কথুৱা, ৰাজৌৰী আৰু পুঞ্চৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে। ইফালে পাকিস্তান সীমান্তৰ হোৱাৰ বাবেই পঞ্জাৱ, ৰাজস্থানৰ সীমান্তৰ সকলো জিলাৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। ৰাজস্থানত ঘোষণা কৰা হৈলে হাই এলাৰ্ট। বন্ধ কৰি দিয়া হৈছে বিকানেৰ আৰু যোধপুৰৰ বিমানবন্দৰ। উত্তৰ প্ৰদেশতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পঞ্জাৱৰ ফিৰোজপুৰ, পাঠানকুট, ফজিলকা, অমৃতচৰ আৰু গুৰদাসপুৰৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। ৰাজস্থানৰ গংগানগৰ, বিকানেৰ, জইছলমেৰ আৰু বাৰমেৰৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। আনহাতে ৰাজস্থানৰ সীমান্তত আজি সন্ধিয়া বায়ু সেনাই যুদ্ধ অনুশীলন কৰাৰ কথা। তাৰ বাবে ইতিমধ্যে সীমান্তৰ দিশেৰে সকলো সাধাৰণ বিমানৰ উৰণ বাতিল কৰাৰ নিৰ্দেশনা মঙলবাৰেই জাৰি কৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষই।